ৰাজ্যত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

অসমৰ ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত বানত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। চৰকাৰী সূত্ৰ অনুসৰি বানত বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত ৪ গৰাকী লোক সন্ধানহীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ইপিনে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰে’লপথৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইবাখনো ৰে’লৰ যাত্ৰা আংশিকভাৱে বাতিল কৰিছে।

অধিক পঢ়ক

সকলো চাওক