ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত শেহতীয়া বানত ১২খন জিলাৰ ২ লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত, ফোনযোগে বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানত ৰাজ্যৰ ১২খন জিলাৰ ২ লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বছৰৰ দ্বিতীয়টো বান সন্দৰ্ভত পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা সাহায্য ব্যৱস্থা তথা উদ্ধাৰ অভিযানৰ বিষয়ে প্রধানমন্ত্ৰীগৰাকীক অৱগত কৰে৷ উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ বোকাখাত ৰাজহচক্ৰৰ ৩১ খন গাঁও বাঢ়নী পানীয়ে প্লাবিত কৰিছে। কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত তামুলি পথাৰত মথাউৰিৰ ওপৰেৰে পানী বাগৰিবলৈ আৰম্ভ কৰাত প্ৰশাসনে গাঁওবাসীক সতৰ্ক কৰি দিছে আৰু জলসম্পদ বিভাগে মথাউৰিটোত থকা তিনিখন শ্লুইচ গেট মুকলি কৰি দিছে৷ জিলাখনৰ দেৰগাঁও, নুমলীগড়, কাজিৰঙা, খুমটাই আদি বিস্তৃর্ণ অঞ্চল বানৰ কবলত পৰাত ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত আছে। গোলাঘাট আৰক্ষী আৰু এছ ডি আৰ এফে বানাক্ৰান্ত লোক তথা জীৱ-জন্তুক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ বাবে তৎপৰতাৰে কাম কৰি আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ব্যৱসায়িক গধূৰ বাহন আৰু ব্যক্তিগত যানবাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকৰ লগতে গোলাঘাট জিলা আয়ুক্তই এই নিষেধাজ্ঞা জাৰি কৰিছে। অৱশ্যে প্ৰয়োজন সাপেক্ষে স্থানীয় যানবাহনৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব বুলি নিৰ্দেশনাটোত প্ৰকাশ কৰা হৈছে।

ইপিনে, তিনিচুকীয়া জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে৷ জিলাখনৰ নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত প্ৰতিদিনে ন ন অঞ্চল প্লাবিত হৈছে। দুর্যোগজনিত জৰুৰীকালীন সহায়ৰ বাবে জিলা প্ৰশাসনে ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ থকাকৈ কেইবাটাও দূৰভাষ নম্বৰ মুকলি কৰিছে। বাৰেকৰী আৰক্ষী থানা, গুইজান আৰক্ষী চকী, গুইজান বজাৰ, ৰঙাগড়া, নতুন গাঁও, নলনী বাগিচাৰ উপৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানো বানৰ কবলত পৰিছে। ৰাজ্যৰ শ্রম মন্ত্রী সঞ্জয় কিষানে আজি জিলাখনৰ বানাক্ৰান্ত অঞ্চলসমূহ তথা সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মতবিনিময় কৰে।

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাত কৃত্ৰিম বানৰ ফলত পৰিস্থিতি শোচনীয় হৈ পৰিছে। ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডৰ বহু পৰিয়াল কৃত্রিম বানত আৱদ্ধ হৈ পৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি তথা তীব্ৰ বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ আয়ুক্তই সকলো বিদ্যালয় পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে। ডিব্ৰুগড়, তিনিচুকীয়া আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোন যোগে আলোচনা কৰি বানপীড়িতসকলৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰী সাহায্য তথা উদ্ধাৰ অভিযান ত্বৰান্বিত কৰাৰ লগতে ক্ষতিগ্রস্ত লোকসকলক সকাহ দিয়াত যথাসম্ভৱ সহায় কৰাৰ আশ্বাস দিয়ে।

ইপিনে ৰাজ্যৰ বান পৰিস্তিতিৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া জিলা আয়ুক্তৰ সন্মিলন স্থগিত ৰখা হৈছে। লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লখিমপুৰ জিলা ভ্ৰমণৰ কাৰ্যসূচীও অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। আয়ুক্ত সন্মিলনত অংশ ল’বলৈ যোৱা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস এই উপলক্ষে ডিব্ৰুগড়ত উপস্থিত হৈছে।

যোৰহাট জিলাৰ টীয়ক আৰু পূব যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত জাজীমুখতো বানে জটিল ৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীয়ে ইতিমধ্যে দুয়োটা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ২৫খন গাঁও বুৰাই পেলোৱাৰ লগতে বহু হেক্টৰ কৃষিভূমি প্লাৱিত কৰিছে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি সমষ্টিটো পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনক এই পৰিস্থিতিৰ তাৎক্ষণিক মোকাবিলা কৰাৰ বাবে আহ্বান জনায়। মাজুলীতো কুৰিখনতকৈও অধিক গাঁও জলমগ্ন হৈ পৰিছে। জিলা প্রশাসনে নিমাতি-মাজুলী সংযোগী ফেৰী সেৱা বন্ধ কৰিছে। শিৱসাগৰ জিলাৰ দিচাং মুখৰ আলিচিগাঁও, অফলা আদি গাঁও সম্পূর্ণৰূপে জলমগ্ন হৈ পৰাৰ বাতৰিও আমালৈ আহিছে।

আনহাতে, বাক্সা আৰু বৰপেটা জিলাত বেঁকী নদীৰ খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ বলাই পথাৰ গাঁৱৰ কেইবা বিঘা কৃষিভূমি নদীৰ বুকুত জাহ যোৱা বুলি আমাৰ সংবাদাদাতই প্রকাশ কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ চূনবাৰী, এলেঙামাৰি আদি অঞ্চলত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অঞ্চলটোত জলসম্পদ বিভাগৰ জৰিয়তে যোৱা বছৰ জিঅ’ বেগৰ বান্ধ নিৰ্মাণ কৰিছিল যদিও ইয়াৰ ফলত খহনীয়া নিয়ন্ত্রণ ৰোধ কৰিব পৰা হোৱা নাই।

অধিক পঢ়ক

সকলো চাওক