ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ ২২ লাখ ৭৪ হাজাৰতকৈও অধিক লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৪৬ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি বানত বুৰ গৈছে। প্ৰশাসনে স্থাপন কৰা ২৬৯টা আশ্রয় শিবিৰত ৫৩ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। তদুপৰি প্ৰশাসনে ৩৬১টা বান সাহায্য শিবিৰ স্থাপন কৰি সাহায্য অভিযান অব্যাহত ৰাখিছে। বানৰ ফলত কালি কাছাৰ, গোৱালপাৰা, ধেমাজি আৰু শিৱসাগৰ জিলাত এজনকৈ, ধুবুৰী আৰু নলবাৰীত দুজনকৈ মুঠ ৮ জন লোকে প্ৰাণ হেৰুৱাওৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬লৈ বৃদ্ধি হৈছে। বানৰ ফলত ডেৰ লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিগত ২৪ ঘণ্টাত বিভিন্ন প্ৰান্তৰ ২১৮ জন লোকক উদ্ধাৰ কৰিছে। কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি নিমাতিঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে আন কেইবাখনো নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে।
ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে যে, বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক ইতিমধ্যে এহেজাৰ ৩০০ কোটি টকা মোকলাই দিছে। বান শাম কটাৰ পাছত ৰাজ্যজুৰি মেগা চিকিৎসা শিবিৰ আৰম্ভ হ’ব বুলিও তেওঁ সদৰী কৰে। আনহাতে বাৰিষাৰ পাছত ৰাজ্যত ২২০ কিলোমিটাৰ মথাউৰিৰ কাম আৰম্ভ কৰা হ’ব বুলি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই জানিবলৈ দিছে।
বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ দুলীয়াৰ বগৰীগুৰিত বান পৰিস্থিতি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বানপ্ৰভাৱিত অঞ্চলৰ জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে।
পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰৰ দাৰিগজি আৰু বৰভগীয়া অঞ্চলৰ বান প্রভাৱিত এলেকা পৰিদৰ্শন কৰাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণে বান সাহায্য সঠিকভাৱে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকললৈ নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ কাজিৰঙা অঞ্চলৰ কেইবাটাও সাহায্য শিবিৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এই শিবিৰসমূহত উপলব্ধ সাহায্য সামগ্ৰী তথা চিকিৎসাৰ সুবিধাকে ধৰি বিভিন্ন দিশ পর্যৱেক্ষণ কৰে। জনসাধাৰণক নিজৰ গৃহলৈ নিৰাপদে ওভতাই পঠোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি তেওঁ সদৰী কৰে।
কৃষিমন্ত্ৰী অতুল বৰাই কালি বোকাখাতৰ ৰজাগাঁও, কান্ধুলীমাৰী, তামুলীপথাৰ, ধনশিৰিকে ধৰি বানপানীৰ কবলত থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। আনহাতে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ ভাৰত-বাংলা সীমান্তত অৱস্থিত টোকৰগ্ৰামত বান প্রভাৱিত অঞ্চলৰ জনসাধাৰণৰ সৈতে মত-বিনিময় কৰে।
ইপিনে, বানৰ কবলত পৰা বনাঞ্চলসমূহৰ জীৱ-জন্তুসমূহো দুৰ্দশাৰ সন্মুখীন হৈছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাপক অঞ্চল বুৰাই পেলোৱাত এতিয়ালৈ ৬টা গঁড়, ১৬টা পহু আদিৰ লগতে মুঠ ২৫টা বন্যপ্রাণী মৃত্যুৰ মুখত পৰিছে। উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ অধীনৰ ৬৯টা বন শিবিৰ বানত বুৰ গৈছে।