সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৮ জন লোকৰ বানত মৃত্যু হোৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ লৈ বৃদ্ধি হৈছে। আনহাতে, তিনিজন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি ২,৮০০ খন গাঁও বানৰ কবলত পৰাৰ লগতে প্রায় ৪০ হাজাৰ হেক্টৰ কৃষি ভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। এই বানত নগাঁও, কৰিমগঞ্জ আৰু দৰং জিলাত সৰ্বাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্ৰ কৰি তুলিবলৈ নির্দেশ দিছে। মুখ্যমন্ত্রীয়ে আজি গুৱাহাটী মহানগৰীৰ পাণ্ডুত বানৰ কবলত পৰা অঞ্চলসমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

মুখ্যমন্ত্ৰীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ উভতনি সোঁতে পাণ্ডুৰ বিভিন্ন অঞ্চল প্লাৱিত কৰিছে। জনসাধাৰণে এই সমস্যাৰ সমাধানৰ বাবে এখন শুইচ গেট বিচৰা বুলি উল্লেখ কৰি এই কথা বিবেচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই আজি নগাঁৱত উপস্থিত হৈ জিলাখনৰ বানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আয়ুক্ত কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত আলোচনা কৰাৰ লগতে বিভিন্ন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি গোলাঘাট জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। তেওঁ বোকাখাত, দেৰগাঁও, মহুৰামুখ আৰু বংকুৱালৰ বান ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰাৰ উপৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি মৰিগাঁও জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে।

Read More News : 

আনহাতে, মন্ত্ৰী অতুল বৰাই মৰিগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন কৰে। তেওঁ পুৱাৰ ভাগত মৰিগাঁও জিলাৰ আয়ুক্ত তথা জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে অহা ১৫ আগষ্টৰ পূৰ্বে জনসাধাৰণক বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে সাহায্য প্রদান সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি এই সময়ছোৱাত সংশ্লিষ্ট সকলো বিভাগক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ তেওঁ নিৰ্দেশ দিছে। ইফালে সাংসদ কামাখ্যা প্রসাদ তাচাই আজি গোলাঘাট জিলাৰ বানৰ কবলত পৰা অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। ইফালে, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ধুবুৰী ৰাজহ চক্ৰৰ শতাধিক গাঁও প্লাৱিত কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ১৭৩ টা বন শিবিৰ বানত জলমগ্ন হৈছে। উদ্যান কর্তৃপক্ষ আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে বানত উটি যোৱা বন্য জন্তুক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কাজিৰঙাৰ কাষৰীয়া ৰাজ্যৰ সহযোগিতা কামনা কৰিছে। বানত উটি যোৱা জন্তু দেখা পোৱাৰ লগে লগে বন বিভাগ বা আৰক্ষীক খবৰ দিবলৈ আহ্বান জনোৱা হৈছে। তদুপৰি বানত দিশহাৰা হৈ জনাঞ্চলত প্ৰৱেশ কৰা পহু বা অন্য জন্তু নিধন কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।

ইপিনে, লখিমপুৰ জিলাৰ আয়ুক্ত তথা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা অনুসৰি টেকেলিফুটাৰ পৰা লোটাচোৰলৈ নিৰ্মাণ কৰা মথাউৰিত গধুৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা পুনৰ জাননী নিদিয়া পর্যন্ত বাহাল থাকিব। সাম্প্ৰতিক বান পৰিস্থিতিৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ ক্ষতি হোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে আজি এখন পর্যালোচনা সভা অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰাজ্যখনৰ বানৰ ফলত কৃষিখণ্ডৰ ক্ষয়-ক্ষতি সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক