ৰাজ্যত এইপর্যন্ত বানত মহিলা-শিশুসহ ৭২ গৰাকী লোকৰ মৃত্যু হৈছে৷ শেহতীয়া তথ্য অনুসৰি ২৭ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ ১১টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ১০০খনৰো অধিক গাঁও প্লাৱিত হৈ আছে। বিশেষকৈ শিৱসাগৰ, কামৰূপ, ডিব্ৰুগড়, নলবাৰী আৰু বৰপেটা জিলাত এতিয়াও বান পৰিস্থিতি জটিল হৈ আছে। আনহাতে ৪৯ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি পানীয়ে বুৰাই পেলাইছে। বিভিন্ন জিলাত প্রশাসনে ২৪৫টা আশ্রয় শিবিৰ স্থাপন কৰিছে আৰু ইয়াত ৫৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। বান বিধবস্ত অঞ্চলত এন ডি আৰ এফ আৰু এছ ভি আৰ এফৰ দলে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে। তথ্য অনুসৰি বানত ১৫ লাখৰো অধিক পোহনীয়া জীৱ-জন্তুৰ ক্ষতি হৈছে৷ শেহতীয়াকৈ ২৪ ঘণ্টাত ৰাজ্যত ৬ জন লোকে বানত প্ৰাণ হেৰুৱাইছে। লগতে এই সময়ছোৱাত ১৭২টা পথ আৰু ৬ খন দলং বাঢ়নী পানীত ক্ষতিগ্রস্ত হৈছে।
চৰকাৰে বান ক্ষতিগ্রস্ত জনতাক সহায়ৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্বাস্থ্য শিবিৰ মুকলি কৰিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতিৰ বুজ ল’ব। তেওঁ কৰিমগঞ্জ নগৰত স্থাপন কৰা দুটা সাহায্য শিবিৰ পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে শ্রীমাৰ্ঘেৰিটাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰশাসন আৰু বিভাগীয় মুৰব্বীসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ’ব।