■ ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্রধান প্রধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীত খোৱাঙত বুঢ়িদিহিং নৈ বিপদসীমাৰ ওপৰে বৈ আছে। ৰাজ্যৰ ২৪ খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও ৭৫টা ৰাজহ চক্ৰৰ ২,৪০৬ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানলৈকে শেহতীয়া বানত ৯০ জন লোকে প্ৰাণ হেৰুৱাৰ তথ্য পোৱা গৈছে । ৰাজ্য চৰকাৰে স্থাপন কৰা ২৯৯টা আশ্রয় শিবিৰত ৪১ হাজাৰতকৈ অধিক লোকে আশ্ৰয় লৈ আছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱক সকলে বান ক্ষতিগ্রস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপন অথবা ক্ষতিপূৰ্ণ প্ৰদানৰ কাম শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছে। তেওঁ জনোৱা মতে বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আহিছে আৰু পানী শুকোৱাৰ পিছত সৰ্বসাধাৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো ব্যৱস্থা জিলা প্রশাসনে তৎকালে আৰম্ভ কৰিব।
Site Admin | July 13, 2024 12:43 PM | Assam | Assam Flood | assam flood 2024