July 4, 2024 1:06 PM | Assam Flood

printer

কৰিমগঞ্জ জিলাত আজিৰে পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি

কৰিমগঞ্জ জিলাৰ নদীসমূহৰ জলস্তৰে বিপদৰ সীমা অতিক্ৰম কৰাৰ বাবে জিলাখনৰ অধিকাংশ বিদ্যালয় বানত বুৰ গৈছে। শিক্ষাৰ্থীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ আয়ুক্তই আজিৰ পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে বিদ্যালয়সমূহে পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। ইপিনে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নী পানীৰ ফলত মাজুলী জিলাৰ ৬৬ হাজাৰতকৈও অধিক লোক বানৰ কবলত পৰিছে। জিলাখনৰ আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, বনগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু দক্ষিণপাট উচ্চ মাধ্যমিক বিদ্যালয়ত থকা সাহায্য শিবিৰত শিশু আৰু গৰ্ভৱতী মহিলাকে ধৰি বান ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্রদান কৰা হৈছে। জিলা প্ৰশাসনে ৫২ হাজাৰতকৈও অধিক লোকক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ উপৰি ৭ হাজাৰ ৮১৭টা দমকল বিতৰণ কৰিছে। তদুপৰি জীৱ-জন্তুৰ বাবে এহেজাৰ কুইণ্টল পশুখাদ্যও বিতৰণ কৰা হৈছে। ৩২টা স্বাস্থকর্মীৰ দলে বান ক্ষতিগ্ৰস্ত লোকসকলৰ স্বাস্থ্যৰ সুবিধাৰ বাবে নিৰৱচ্চিন্নভাৱে সেৱা আগবঢ়াইছে। ৫ খন বিশেষ নাৱৰ জৰিয়তে ১৫৭ গৰাকী আবদ্ধ হৈ থকা ব্যক্তিৰ লগতে ২০০টা পশু উদ্ধাৰ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক