ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুৰ্যোগ প্রশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৮ খন জিলা বৰ্তমানলৈ বানৰ কবলত পৰিছে। আনহাতে এই জিলাসমূহৰ মুঠ দুহেজাৰ ২০৮ খন গাঁৱৰ ১১ লাখ ৩৪ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ ৪২ হাজাৰ ৪৭৬ হেক্টৰ কৃষি ভূমি পানীত বুৰ গৈছে। বান পীড়িতসকলক আশ্ৰয় আৰু সাহায্য আগবঢ়াবলৈ চৰকাৰ আৰু প্ৰশাসনে বর্তমানে ১৩০টা সাহায্য শিৱিৰ সক্ৰিয় কৰি ৰাখিছে। এই শিৱিৰসমূহত এতিয়ালৈকে ১৮ হাজাৰ ৪৫৯ জন বানপীড়িতই আশ্রয় গ্রহণ কৰিছে। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ বানত এই পর্যন্ত ৩৮ জন লোকৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে, অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে অন্যান্য নৈ-উপনৈসমূহ ওফন্দি ঠায়ে ঠায়ে মথাউৰি ছিগি বিভিন্ন অঞ্চল বুৰাই পেলাইছে দুলীয়াজান সমষ্টিৰ টেঙাখাট হাতীবন্ধা ঘুমতলত বুঢ়ীদিহিং নৈৰ কাষতে থকা মথাউৰিটোৰ কালি প্ৰায় ৫০ মিটাৰ অংশ চিগি যোৱাৰ ফলত দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল বানত বুৰ যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশ ক্রমে কালি নিশাৰ ভাগতে মন্ত্ৰী ৰঞ্জিত দাসে মথাউৰিটো পৰিদৰ্শন কৰি জিলা প্ৰশাসনক অধিক তৎপৰতাৰে বানপীড়িত ৰাইজৰ বাবে স্থাপন কৰা আশ্ৰয় শিৱিৰত খাদ্য-পানী-ঔষধ আদিৰ লগতে পশুধনৰ বাবেও আহাৰ যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে।ইপিনে, কালি নিশা কলিয়াবৰৰ কলংমুখত হাতীমূঢ়া মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভগ্ন মথাউৰি অংশত জিঅ’ বেগৰ জৰিয়তে পানীৰ প্ৰকোপ যথাসম্ভৱ হ্ৰাসৰ ব্যৱস্থা গ্ৰহণৰ লগতে বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত খাদ্য তথা জৰুৰী সাহায্য সামগ্ৰী প্ৰদানৰ বাবে নগাঁৱৰ জিলা আয়ুক্তক নির্দেশ দিয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে গোলাঘাটত উপস্থিত হৈ জিলাখনৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয়। ইফালে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্রমে, বিমল বৰা, ডাঃ ৰণোজ পেগু, পীযূষ হাজৰিকা, সঞ্জয় কিষানকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে বানৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰশাসনক যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰু বানপীড়িতক সাহায্য প্রদান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে।
Site Admin | July 3, 2024 12:54 PM | assam flood 2024