July 2, 2024 1:03 PM | Assam Flood

printer

প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন

ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ এহেজাৰ ২৭৫ খন গাঁও জলমগ্ন হৈছে। উজনি-নামনি অসমৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি আছে। বৰ্তমানলৈকে ৰাজ্যত ১৩৬ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে আৰু ইয়াত ৮ হাজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰিছে। বিভিন্ন ঠাইত বাঢ়নী পানীয়ে কেইবাটাও পথ খহাই নিয়াৰ লগতে বিভিন্ন ঠাইত পথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যাহত হৈ পৰিছে। গোলাঘাট, নলবাৰী, শোণিতপুৰকে ধৰি কেইবাখনো জিলাত পানীয়ে মথাউৰি খহাই নিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা তিনিদিনলৈকে বৰষুণ অব্যাহত থকাৰ আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাত সতর্কতামূলক জাননী জাৰি কৰা হৈছে। গোলাঘাট জিলাৰ বোকাখাত ৰাজহচক্ৰৰ ৩১ খন গাঁও প্লাবিত হৈছে। বোকাখাতত বানে সংহাৰী ৰূপ লৈছে। বংকোৱালত কালি বংকোৱাল-নেঘেৰিটিং মথাউৰিৰ একাংশ পানীয়ে খহাই নিয়াত বৃহৎ অঞ্চলজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ মাজতে জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই কালি মহুৰামুখ- বংকোৱালত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। গোলাঘাট জিলাত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈ ধনশিৰি, গেলাবিল নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। জিলাখনৰ দেৰগাঁৱতো নৈৰ কাষৰীয়া বিস্তীর্ণ অঞ্চলত বানে ভয়াৱহ ৰূপ লৈছে। দেৰগাঁৱৰ গড়মৰাৰ চকীয়ালত কালি নাৱেৰে ঘৰলৈ গৈ থকা অৱস্থাত ব্ৰহ্মপুত্ৰত এজন যুৱক সন্ধানহীন হয়। কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত তামুলি পথাৰত মথাউৰিৰ ওপৰেৰে পানী বাগৰাত প্ৰশাসনে গাঁওবাসীক সতৰ্ক কৰি দিছে। জলসম্পদ বিভাগে মথাউৰিটোত থকা তিনিখন শুইছ গেট মুকলি কৰি দিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি কালিৰেপৰা কাৰ্যকৰী হোৱাকৈ নিশা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ব্যৱসায়িক গধুৰ যানবাহন আৰু ব্যক্তিগত যানবাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকৰ লগতে গোলাঘাট জিলা আয়ুক্তই এই নিষেধাজ্ঞা জাৰি কৰিছে। তিনিচুকীয়া জিলাত ৯০ খনৰো অধিক গাঁও বানৰ কৱলত পৰিছে। জিলাখনত প্ৰশাসনে ১১ টা আশ্রয় শিবিৰ স্থাপন কৰিছে। বানপীড়িতসকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ আৰু সেনাবাহিনীয়ে অভিযান চলাই আছে। জিলাখনৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰুভেঁটিত কালি ডুমডুমা নৈৰ দলং পাৰ হ’বলৈ লওঁতে ফিল’বাৰীৰ এজন লোকক পানীয়ে উটুৱাই নিয়ে। এছ ডি আৰ এফে পাছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। বাৰেকৰী আৰক্ষী থানা, গুইজান আৰক্ষী চকী, গুইজান বজাৰ, ৰঙাগড়া, নতুন গাঁও, নলনী বাগিচাৰ উপৰি ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানো বানৰ কবলত পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় নগৰত কৃত্রিম বানৰ ফলত পৰিস্থিতি শোচনীয় হৈ পৰিছে। ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডৰ বহু পৰিয়াল বৰষুণৰ পানীত আৱদ্ধ হৈ পৰিছে। জিলাখনৰ আয়ুক্তই সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। ইপিনে, হাতীয়াআলি চৰাঞ্চলৰ পৰা আৱদ্ধ হৈ থকা ১৩ জন লোকক বায়ুসেনাই উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে। লোককেইজন বর্তমানে নিৰাপদে আছে। ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত হ’বলগীয়া জিলা আয়ুক্তৰ সন্মিলন স্থগিত ৰখা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লখিমপুৰ জিলা ভ্ৰমণৰ কাৰ্যসূচীও অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। ধাৰাসাৰ বৰষুণৰ মাজতে কালি গেৰুকামুখ প্ৰকল্পত থকা ৯ খন গেটৰ আটাইকেইখনেই খুলি দিয়া হয়। আনহাতে, ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীও এৰি দিয়া হৈছে। ফলত জিলাখনৰ বান পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকাই দেখা দিছে। নাওবৈচাত কালি শিঙৰা নৈত ডুবি এজন যুৱকৰ মৃত্যু হয়। শোণিতপুৰ জিলাৰ তেজপুৰ, বৰছলা আদিত বান পৰিস্থিতি জটিল হৈ পৰিছে। ৰাজ্যৰ কেইবাটাও পথ বাঢ়নি পানীয়ে ছিঙি পেলোৱাত যাতায়াত বিঘ্নিত হৈছে। জামুগুৰিহাটত জিয়া ভৰলীৰ পানীয়ে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ প্লাৱিত কৰিছে। জিলাখনৰ বালিপৰাত জৰাসৰ নৈৰ পানীয়ে একাধিক স্থানত মথাউৰি চিঙিছে। জৰাসৰ আৰু মানশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত অঞ্চলটোৰ কেইবাখনো গাঁও নতুনকৈ প্লাৱিত হৈছে। যোৰহাট জিলাৰ টীয়ক আৰু পূব-যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত জাজীমুখতো বানে জটিল ৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীয়ে ইতিমধ্যে দুয়োটা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ২৫খন গাওঁ বুৰাই পেলোৱাৰ লগতে বহু হেক্টৰ কৃষিভূমি প্লাবিত কৰিছে। মাজুলীতো ৮৩ খন গাঁৱৰ ৬৫ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। জিলা প্ৰশাসনে ইতিমধ্যে নিমাতীঘাট-মাজুলী সংযোগী ফেৰী সেৱা বন্ধ কৰিছে। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি থকাত নদীদ্বীপটোৰ অন্তৰ্ভাগলৈ পানী সোমোৱাৰ আশংকাই দেখা দিছে। বানে আউনীআটি-গুৱালগাঁও মথাউৰি ছিঙি পেলোৱাত প্রায় ডেৰশ মিটাৰ পথ খহাই নিয়ে। আউনীআটি সত্ৰও এই বানত প্লাৱিত হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখৰ আলিচিগাঁও, অফলা, তিয়বস্তুতি আদিকে ধৰি এশৰো অধিক গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। সৰাগুৰি চাপৰিৰ আজানপীৰ দৰগাহ বানৰ কৱলত পৰিছে। জিলাখনত ব্ৰহ্মপুত্ৰৰ লগতে দিহিং, দিচাং, দিখৌ, ডৰিকা, ডিমৌ আদি নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ আছে। আনহাতে, বাক্সা আৰু বৰপেটা জিলাত বেঁকী নদীৰ খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। কলগাছিয়া ৰাজহচক্ৰৰ অধীনৰ বলাই পথাৰ গাঁৱৰ কেইবা বিঘা কৃষিভূমি নদীৰ বুকুত জাহ গৈছে। নোৱা নদীৰ বানে পথ বুৰাই পেলোৱাত মঙলদৈ, ভূটিয়াচাং, কলাইগাঁও, ৰঙামাটিত যাতায়াত বন্ধ হৈ পৰিছে। ইপিনে, ধাৰাসাৰ বৰষুণ আৰু নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাৰ মাজতে ভূটানে কুৰিধু বান্ধৰ পানী এৰি দিবলৈ লোৱাত বৰপেটা জিলাত বান পৰিস্থিতিয়ে জটিল ৰূপ লোৱাৰ আশংকা ঘণীভূত হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ চূনবাৰী, এলেঙামাৰি আদি অঞ্চলত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অঞ্চলটোত জলসম্পদ বিভাগে যোৱা বছৰ জিঅ’ বেগৰ বান্ধ নিৰ্মাণ কৰিছিল যদিও খহনীয়া নিয়ন্ত্ৰণ ৰোধ কৰিব পৰা হোৱা নাই । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাত বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আন আন মন্ত্রী-বিধায়কসকলে বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰে।

অধিক পঢ়ক

সকলো চাওক