July 1, 2024 12:46 PM | Assam Flood

printer

ৰাজ্যৰ শেহতীয়া বানত ১২খন জিলাৰ ২লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বান পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২খন জিলাৰ ২লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানত কালি দুজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪লৈ বৃদ্ধি পাইছে। আনহাতে, ব্ৰহ্মপুত্ৰকে ধৰি পাঁচখন নৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ১০খন নৈৰ পানীয়ে সতর্কতাৰ সীমা অতিক্ৰম কৰিছে। ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২৬ টা বন শিবিৰ জলমগ্ন হৈ পৰিছে। কঁহৰা বনাঞ্চলৰ তিনিটা, অগৰাতলী বনাঞ্চলৰ ৪টা, বাগৰী বনাঞ্চলৰ ২টা, বোকাখাত বনাঞ্চলৰ ২ টা, বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ ৯ টা বন শিবিৰ বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ব্যৱসায়িক গধূৰ বাহন আৰু ব্যক্তিগত যানবাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকৰ লগতে গোলাঘাট জিলা আয়ুক্তই এই নিষেধাজ্ঞা জাৰি কৰিছে। অৱশ্যে প্ৰয়োজন সাপেক্ষে স্থানীয় যানবাহনৰ ক্ষেত্ৰত ৰেহাই দিয়া হব বুলি নিৰ্দেশনাটোত প্ৰকাশ কৰা হৈছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি তেওঁৰ লোকসভা সমষ্টি ডিব্ৰুগড়ৰ বান পৰিস্থিতিৰ বুজ লয়। সমষ্টিটোত বান আৰু খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰাত শ্ৰীসোণোৱালে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। তেওঁ সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখি বান পীড়িতৰ সুবিধার্থে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাত কৃত্রিম বানৰ ফলত পৰিস্থিতি শোচনীয় হৈ পৰিছে। ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডৰ হাজাৰ হাজাৰ পৰিয়াল কৃত্রিম বানত আৱদ্ধ হৈ পৰিছে। পৌৰ নিগমে ইয়াৰে ৮টা ৱাৰ্ডত পাম্পেৰে আৱদ্ধ পানী উলিয়াই নিয়াৰ প্ৰয়াস চলাইছে যদিও মাইজান, মোহনবাৰী অঞ্চলৰ ফালৰ পৰা অহা পানীয়ে পৰিস্থিতি জটিল কৰি তুলিছে। নেৰানেপেৰা বৰষুণৰ ফলত আকাশবাণী ডিব্ৰুগড়ৰ ষ্টুডিঅৰ মজিয়া পানীৰে উপচি পৰাত আজি পুৱাৰে পৰা অনুষ্ঠান প্ৰসাৰণ ব্যাহত হৈ পৰিছে। অনুষ্ঠান প্ৰসাৰণৰ কাম লেপেটকটাৰ ট্ৰেন্সমিটাৰত থকা অস্থায়ী ষ্টুডিঅৰ পৰা চলাবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইফালে, অসমৰ লগতে অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলস্বৰূপে নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বান্ধৰ পৰা প্ৰায় ১৬হাজাৰ কিউমেক পানী নির্গমনৰ সম্ভৱনা আছে বুলি বিভাগীয় নিয়ন্ত্রণ কক্ষই প্রকাশ কৰিছে। ইয়াৰ ফলত সোঁৱণশিৰি নদীৰ নামনি অংশত বানৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইপিনে, তিনিচুকীয়া জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তীত হৈ আছে। জিলাখনৰ নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত প্রতিদিনে ন ন অঞ্চল প্লাবিত হৈছে। দুৰ্যোগজনিত জৰুৰীকালীন সহায়ৰ বাবে জিলা প্রশাসনে ২৪ ঘণ্টাই কার্যক্ষম হৈ থকাকৈ কেইবাটাও দূভাষ নম্বৰ মুকলি কৰিছে। একেদৰে, দেৰগাঁৱৰ চৰাই চাপৰি, নামাৰি, আবানি, শগুণ পাৰাকে ধৰি কেইবাখনো গাঁৱত বানে জটিল ৰূপ ধাৰণ কৰিছে। বানত কেইবাটাও মূল পথ বুৰ যোৱাত বন্যার্তই যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জল পৰিবহণ বিভাগে অনির্দিষ্ট কাললৈ মাজুলি-নিমাতি সংযোগী ফেৰী সেৱা বন্ধ কৰিছে। যোৰহাট জিলাৰ টীয়ক আৰু পূব যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত জাজীমুখতো বানে জটিল ৰূপ ধাৰণ কৰিছে। বাঢ়নি পানীয়ে ইতিমধ্যে দুয়োটা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ২৫খন গাওঁ বুৰাই পেলোৱাৰ লগতে বহু হেক্টৰ কৃষিভূমি প্লাবিত কৰিছে। আনহাতে, বৰপেটা জিলাত বেঁকী নদীৰ খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ বলাই পথাৰ গাঁৱৰ কেইবা বিঘা কৃষিভূমি নদীৰ বুকুত জাহ যোৱা বুলি আমাৰ সংবাদাদাতই প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক