June 25, 2024 1:13 PM | Assam Flood

printer

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৯খন জিলাৰ ২২ টা ৰাজহ চক্ৰৰ ৭৯৩ খন গাঁৱৰ ২ লাখ ৪ হাজাৰ ৮৯৬ গৰাকী লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত ১৭ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে। আনহাতে, এই বানত ৪ হাজাৰ ২৭৪ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈ আছে। বানৰ কবলত পৰা লোকৰ বাবে ১০৭টা আশ্রয় শিবিৰ আৰু ১০৪টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। ইফালে, কুশিয়াৰা নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰত বৈ আছে। কালি কাছাৰ জিলাৰ এজন লোকৰ বানপানীত মৃত্যু হয়। ইফালে জলসম্পদ বিভাগ আৰু কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই কালি জিলাখনত উপস্থিত হৈ অহা পাঁচ দিনৰ ভিতৰত বৰাক উপত্যকাৰ ছিগা মথাউৰিসমূহ মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। আনহাতে, নলবাৰী জিলাৰ সামগ্রিক বান পৰিস্থিতি স্বাভাৱিক হ’লেও টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত ভোজকুছি, বালাবৰী ক্ষেত্ৰাপাৰা, ঘোপা, পশ্চিম নলবাৰীৰ আমনি, বৰবিলা, পূৰ্ণি, খেলুৱাকে ধৰি বহু অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হোৱা নাই।

অধিক পঢ়ক

সকলো চাওক