ৰাজ্যত বানপৰিস্থিতিৰ অধিক অৱনতি হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পর্যন্ত ১৯খন জিলাৰ ৫০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত এহেজাৰ ৩২৫খন গাঁও বানৰ কবলত পৰিছে। কামৰূপ, তামুলপুৰ, হাইলাকান্দি, ওদালগুৰি, হোজাই, ধুবুৰী, বৰপেটা, বিশ্বনাথ, নলবাৰী, বাক্সাকে ধৰি মুঠ ১৯খন জিলাৰ ৩লাখ ৯০ হাজাৰ ৪৯১ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত পৰা লোকসকলৰ আশ্ৰয় আৰু সাহায্যৰ বাবে এই পর্যন্ত ২৪৫টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। জিলা প্রশাসনসমূহে প্রায় ১৮ হাজাৰ লোকৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰিছে। ইপিনে, ৰাজ্যখনত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি হৈছে।
Site Admin | June 22, 2024 12:29 PM | Assam Flood