June 17, 2024 9:03 PM | assam flood 2024

printer

ৰাজ্যৰ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন প্ৰান্তত বানৰ আশংকা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানৰ আশংকাই দেখা দিছে। কালিৰেপৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। বৰষুণ অব্যাহত থাকিলে কামপুৰ এলেকা পুনৰ বানৰ কবলত পৰাৰ আশংকাই দেখা দিছে। নগাঁও জিলা প্রশাসনে অঞ্চলটোৰ নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ সতর্কতা জাৰি কৰিছে। ইপিনে, কপিলী নৈৰ বানে হোজাই জিলাৰ কেইবাখনো গাঁও বুৰাই পেলাইছে। জিলাখনৰ থেপ্লাগুৰি, যাঠীহুৰা, হাতীমৰা, নভঙাকে ধৰি কেইবাখনো গাঁও বানে বুৰাই পেলাইছে। মঙলদৈৰ বাঁহজানীত নোৱা নৈৰ পূব দিশৰ মথাউৰি ছিগি যোৱাৰ ফলত কমেও ১০খন গাঁও প্লাৱিত হৈছে। পূব বাঁহজানী, পশ্চিম বাঁহজানী, দলৈচুবা, কমাৰপাৰাকে ধৰি গাঁওখনৰ খেতিপথাৰ বানত বুৰ যোৱাৰ লগতে বাসগৃহত পানী সোমোৱাৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। পশ্চিম কাৰ্বি আংলং, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াত বৰষুণৰ ফলত বান পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক