ডাউনলোড
মোবাইল এপ

android apple
signal

June 19, 2024 12:15 PM | Flood assam

printer

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১৫ খন জিলাৰ ৪৭০ খন গাওঁ বানৰ কবলত

ৰাজ্যত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে ক্ৰমাৎ‍ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ ১৫ খন জিলাৰ কমেও ৪৭০ খন গাওঁ বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ শেহতীয়া তথ্য অনুসৰি বান ক্ষতিগ্ৰস্ত জিলাকেইখন হৈছে- বিশ্বনাথ, লখিমপুৰ, হোজাই, বঙাইগাঁও, নলবাৰী, তামুলপুৰ, ওদালগুৰি, দৰং, ধেমাজি, হাইলাকান্দি, কৰিমগঞ্জ, গোৱালপাৰা, নগাঁও, চিৰাং আৰু কোকৰাঝাৰ। এই বানত ১ লাখ ৬০ হাজাৰতকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইফালে ১৫ খন জিলাত স্থাপন কৰা ৪৩ টা আশ্রয় শিবিৰত ৫ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। জিলা প্রশাসনসমূহে প্ৰায় ১৮ হাজাৰ লোকৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰিছে। ইপিনে, ৰাজ্যখনত কালি পুনৰ এজন লোকে বানৰ ফলত প্ৰাণ হেৰুৱাত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি হৈছে। ইফালে নগৰ অঞ্চলত হোৱা বানৰ ফলত ৩ খন জিলা-কামৰূপ, কামৰূপ মহানগৰ আৰু কোকৰাঝাৰত ৫ শতাধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। দৰং জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে। জলসম্পদ বিভাগৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ বিপদসীমাৰ সামান্য তলেৰে বৈ আছে যদিও জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি আছে। জিলাখনত এই পর্যন্ত ৪ খন গাওঁৰ কমেও ৫৪০ গৰাকী লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে, বঙাইগাও জিলাত আই নদীৰ খহনীয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লবলৈ কালি জিলাখনৰ আয়ুক্ত নৱদীপ পাঠক লতিবাৰী গাওঁত উপস্থিত হয়। বৰপেটা জিলাত কালদিয়া নৈৰ বাঢ়নি পানীয়ে সৰুক্ষেত্ৰীৰ কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। বাঢ়নি পানীৰ সোঁতে পথৰ ৰিং বান্ধ খহাই নিয়াৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গে কালি সৰুক্ষেত্ৰীৰ বন পৰিস্থিতি পৰিদৰ্শন কৰে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি সাম্প্রতিক বান পৰিস্থিতি পর্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাত দুর্যোগকালীন পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ কৌশলগত দিশসমূহ আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক