July 8, 2024 8:18 PM | Assam Flood

printer

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বিগত ২৪ ঘণ্টাত এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ ২১৮ জন লোকক উদ্ধাৰ কৰিছে। প্ৰশাসনে স্থাপন কৰা ২৬৯টা আশ্রয় শিবিৰত ৫৩ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ লগতে আন কেইবাখনো নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। বিগত ২৪ ঘণ্টাত অন্যান্য আন্তঃগাঁথনিৰ লগতে ১৭২টা পথ আৰু ৬ খন দলং ক্ষতিগ্রস্ত হৈছে। তদুপৰি বানত ১৫ লাখৰো অধিক পশুধনৰ ক্ষতি হৈছে। অসম চৰকাৰে বানৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায় কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিয়মিতভাৱে স্বাস্থ্য শিবিৰ মুকলি কৰি প্ৰয়োজনীয় ঔষধ আৰু অন্যান্য সামগ্ৰী প্ৰদান কৰি আছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে আশ্রয় শিবিৰত থকা শিশু আৰু মহিলাসকলৰ বিশেষ প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিশু খাদ্য, ছেনিটাৰি নেপকিন, ঔষধ আদিৰ নিয়মিত যোগান নিশ্চিত কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তই আজি জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কাষৰীয়া বান ক্ষতিগ্ৰস্ত অঞ্চলৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ উপৰি খাদ্য সামগ্ৰীৰ ব্যৱস্থাপনা, চিকিৎসা সেৱা আদিৰ বুজ লয়। তেওঁ বৰ্ভগীয়া ৰাতুলঘাট, এৰাকলং মাজুলী আদি অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ইফালে, ইউনিচেফৰ এটা দলে আজি টিংখাং ৰাজহ চক্ৰৰ ধানপুৰ মজলীয়া বিদ্যালয় আৰু বালিয়নি বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। দলটোৱে শিবিৰত থকা মহিলা, শিশু তথা কিশোৰীসকলৰ বাবে উপলব্ধ সা- সুবিধাৰ বুজ লোৱাৰ উপৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা শিবিৰত চলাই থকা কাৰ্যকলাপ সম্পর্কেও অৱগত হয়। বানৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা উজনি আৰু নামনি অভিমুখী যান-বাহনসমূহক আৰক্ষী আৰু বন বিভাগৰ বাহনৰ জৰিয়তে এছক’ৰ্ট প্ৰদান কৰি চলাচল কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে প্ৰথমবাৰলৈ থামেল ড্ৰোণৰ ব্যৱহাৰ কৰা হৈছে। বানৰ সময়ত বন্য জন্তুৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষই তথ্য প্রযুক্তি ব্যৱহাৰ কৰি এই পদক্ষেপ লৈছে। উল্লেখযোগ্য যে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য জন্তুসমূহে কাৰ্বি পাহাৰৰ লগতে জনাঞ্চলতো আশ্ৰয় লৈ আছে। এনেক্ষেত্ৰত চোৰাং চিকাৰীয়ে যাতে জীৱ-জন্তুসমূহৰ ক্ষতি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৬৯ টা বন শিবিৰ জলমগ্ন হৈ আছে। আনহাতে, ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বিপৰীতে ৯৯ টা বন্য জন্তু উদ্ধাৰ কৰা হৈছে। জিলাখনৰ নিলাম বজাৰ, কৰিমগঞ্জ সদৰ বৰপুৰ আৰু পাথাৰকান্দি ৰাজহ চক্ৰৰ ৬০ টা অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত স্থাপন কৰা ৪২ টা শিবিৰত ৩ হাজাৰ ৫০০ ৰো অধিক লোকে আশ্ৰয় লৈ আছে। জিলাখনত ৪০ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহী নিকৰি ঘাটত ধনশিৰি নৈত পৰি এজন লোক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় জিলা আয়ুক্তই আজি জিলাখনৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত নগাখেলিয়া আৰু ম’হ পোৱালিমৰা শিৱ মন্দিৰৰ সমীপত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগে দুয়োটা অঞ্চলত চলাই থকা কাম- কাজৰ বুজ লয়। একেদৰে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে আজি যোৰহাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। নগাঁও জিলাৰ কলিয়াবৰত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। কলং নৈৰ বাঢ়নী পানীয়ে ন ন অঞ্চল প্লাৱিত কৰিছে। এতিয়ালৈ কলিয়াবৰত ৬০ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। হাইলাকান্দি জিলাৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত জিলাখনৰ নিমাইচান্দপুৰৰ পৰা মনচ’ৰাৰ মাজত যোগাযোগ ব্যাহত হৈ পৰিছে। বিগত কেইবাদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত কাটাখাল নৈৰ বাঢ়নী পানীয়ে নিমাইচান্দপুৰৰ মথাউৰি চিঙি পেলোৱাৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হৈছে। ইপিনে দুলীয়াজানত বুঢ়ীদিহিং নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ভালেমান অঞ্চল প্লাৱিত হৈছে। দুলীয়াজান সমষ্টিৰ টেঙাখাটত মথাউৰি চিগাৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। অসম চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিবে আজি মৰিগাঁও জিলাৰ বিভিন্ন বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বানৰ সময়ছোৱাত জনসাধাৰণৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ সংশ্লিষ্টসকলক নির্দেশ দিয়ে। বৰপেটা জিলাৰ সামগ্রিক বান পৰিস্থিতি উন্নত হৈছে। পানী হ্ৰাস পোৱাৰ পাছত বিভিন্ন অঞ্চলত ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ আশংকা কৰি স্বাস্থ্য বিভাগে শিবিৰ মুকলি কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰিছে। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰকাশ কৰা মতে নৌকা স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে চৰ অঞ্চলসমূহত এনে শিবিৰ মুকলি কৰা হৈছে তদুপৰি পোহনীয়া জীৱ-জন্তুৰ বাবেও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে শিবিৰ মুকলি কৰিছে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। চৰকাৰৰ লগতে স্বেচ্ছাসেৱী সংস্থাসমূহে অঞ্চলটোত অত্যাৱশ্যকীয় সামগ্ৰী তথা ঔষধ আদিৰ যোগান অব্যাহত ৰাখিছে। গোৱালপাৰা জিলাত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও জিলাখনৰ ৩৩৪ খন গাঁৱৰ বিভিন্ন অঞ্চল বানত বুৰ গৈ আছে। শেহতীয়া বানত জিলাখনৰ ৯৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ নেতৃত্বত আজি বিধায়ক চিৰাজুদ্দিন আজমল আৰু নজৰুল হকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। এই পত্ৰত ক্ষতিগ্ৰস্ত ৰাইজক প্ৰয়োজনীয় সুবিধা আগবঢ়োৱাৰ লগতে মথাউৰিসমূহ সঠিকভাৱে নিৰ্মাণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক