July 5, 2024 12:35 PM | Assam Flood

printer

বানৰ জটিল ৰূপৰ সমান্তৰালকৈ ৰাজ্যত অভাৱনীয় হাৰত পাচলিৰ দাম বৃদ্ধি

ৰাজ্যত বানে জটিল ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত পাচলিৰ বজাৰত অভাৱনীয় হাৰত দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পাইকাৰী বজাৰত মাত্ৰ এসপ্তাহৰ ভিতৰতে প্ৰতিবিধ পাচলিৰ মূল্য প্ৰতি কিলো গ্ৰামত ৪০ টকা পৰ্যন্ত বৃদ্ধি হৈছে। মৰিগাঁও জিলাত বানৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত প্ৰশাসনে মৰিগাঁও, জাগীৰোড, মৈৰাবাৰী আৰু লাহৰিঘাটত বিক্ৰী কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লয়। এই কেন্দ্ৰসমূহত প্রতিজন গ্রাহকে দুদিনৰ অন্তৰালত প্ৰতি কিলোত ৩৫ টকা দৰত এক কিলোগ্রাম পিঁয়াজ ক্ৰয় কৰিব পাৰিব। এসপ্তাহৰ বাবে এই সুবিধা অব্যাহত থাকিব। ইপিনে সকলোৱে এই সুবিধা লাভ কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই প্রয়োজন অনুসৰিহে পিঁয়াজ ক্ৰয় কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক