ৰাজ্যৰ বান পৰিস্থিতি বর্তমানেও শোচনীয় হৈ আছে। ৰাজ্যিক দুৰ্যোগ প্রশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানে ২৯ খন জিলাৰ ৩ হাজাৰ ২০৮ খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ ২১ লাখ ১৩ হাজাৰতকৈও অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৫৭ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে। বিগত ২৪ ঘণ্টাত ৬ গৰাকীতকৈও অধিক লোকৰ মৃত্যু হোৱাত ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যু হোৱাৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। মুঠ ২৪৭টা বান শিবিৰত ৩৯ হাজাৰৰো অধিক বানপীড়িতই আশ্ৰয় লৈ আছে। ইপিনে বর্তমানেও ব্রহ্মপুত্ৰ আৰু ভালেকেইখন নৈ-উপনৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চুবুৰীয়া অৰুণাচল প্ৰদেশত প্রবল বৃষ্টিপাতৰ সতর্কবাণী জাৰি কৰিছে। তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে জীয়াভৰলী আৰু জৰাসৰ নদীৰ বাঢ়নী পানীয়ে শোণিতপুৰ জিলাৰ নদুৱাৰ, চাৰিদুৱাৰ, তেজপুৰ সদৰ, ঠেলামৰা আৰু ঢেকীয়াজুলি ৰাজহ চক্ৰৰ ১০৪ খন বুৰাই পেলোৱাত প্ৰায় ৭০ হাজাৰৰো অধিক গাঁও বানৰ কবলত পৰিছে । বৰপেটা জিলাৰ জনীয়াৰ বেঁকী নদীৰ দলঙৰ পশ্চিম দিশৰ কৰাৰকুৰত কালি বিয়লিৰ পৰা ঘাইপথত প্রবল খহনীয়া হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। খহনীয়াৰ ফলত পথটো যিকোনো মুহূৰ্ততে দ্বিখণ্ডিত হোৱাৰ আশংকা কৰা হৈছে। বালিৰ বস্তাৰে খহনীয়া প্ৰতিৰোধৰ সাময়িক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পথটোৰে চাৰিচকীয়া বাহনৰ চলাচল সম্প্ৰতি সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে। ইপিনে ধুবুৰীৰ গৌৰীপুৰ, গোলকগঞ্জ, আগমনি, বিলাসীপাৰা আৰু চাপৰৰ বিস্তীৰ্ণ ভূমি সম্প্রতি বানত বুৰ গৈছে। জিলাখনৰ ৬ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এহেজাৰ ৭৮১ হেক্টৰ কৃষিভূমি বর্তমানে পানীৰ তলত আছে। মৰিগাঁও জিলাতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলাখনৰ ভুৰাগাঁও ৰাজহচক্ৰৰ ৫৩ খন গাঁও, মায়ঙৰ ১১৩ খন গাঁও আৰু লাহৰীঘাটৰ ২৮ খন গাঁৱকে ধৰি মুঠ ১৯৪ খন গাঁৱৰ ৫০ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্রমে মন্ত্ৰী অতুল বৰাই কালি জিলাখনত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষয়-ক্ষতিৰ মূল্যাংকন কৰি ৰাইজক যথা শীঘ্ৰে সাহায্য প্ৰদান কৰিবলৈ জিলা প্রশানক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা নগাঁও জিলাত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি ব্যৱস্থাপনাৰ সৈতে জড়িত বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মন্ত্ৰী বৰাই বানত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ লাওখোৱা, শান্তিবজাৰ আৰু ভুৰবন্ধা আদি অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ অসুবিধা ক্ষয়-ক্ষতিৰ বুজ লৈ ক্ষতিপূৰণৰ সুনিশ্চিতকৰণৰ বাবে বিষয়াসকলক যাৱতীয় নির্দেশ দিয়ে। ইপিনে নিশাৰ ভাগত মন্ত্ৰীগৰাকীয়ে নিজৰ গৃহ সমষ্টি বোকাখাটত উপস্থিত হৈ বানপীড়িতৰ ক্ষয়-ক্ষতিৰ বুজ লয় । কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মৰাণ আৰু তিনিচুকীয়াত বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। ইফালে শিৱসাগৰ জিলাৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে কালি মন্ত্ৰী বিমল বৰাই কেইবাটাও স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্রমে মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত আৰু ৰণজিৎ কুমাৰ দাসে শদিয়াত কেইবাটাও বানে গৰকা অঞ্চল পৰিদৰ্শন কৰে।
Site Admin | July 5, 2024 12:24 PM | assam flood 2024