ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত যদিও বৰ্তমান ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত আছে। ৯০ টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৭ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৯ লৈ বৃদ্ধি পাইছে। বানৰ ফলত যোৱা ২৪ ঘণ্টাত ৯৪ টা পথ আৰু ৩ খন দলঙৰ লগতে অন্যান্য আন্তগাঁঠনিৰ ক্ষতি হৈছে। ইপিনে, যোৱা দুদিন ধৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো কোনো অঞ্চলত পানী কিছু হ্ৰাস পাইছিল যদিও কালি দিনৰ ভাগত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ বান পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে, হাতীমূৰাৰ বান্ধ ভাগি কলঙেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই অহাৰ পিছৰে পৰা নগাঁও জিলাৰ বান পৰিস্থিত অধিক জটিল হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ পানী নগাঁও চহৰৰ দিশে অগ্ৰসৰ হোৱাত পুৰণি গুদাম, চামগুৰিৰ লগতে চহৰখনৰ ন-ন অঞ্চল বানৰ কবলত পৰিছে। বানপানীৰ ফলত কাজিৰঙাত এতিয়ালৈকে বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা ১৩৮টালৈ বৃদ্ধি পোৱাৰ লগতে ৭১টা বন শিবিৰ বানৰ কবলত পৰিছে। ইফালে, কৰিমগঞ্জ জিলাৰ বতৰৰ পৰিস্থিতি উন্নত হোৱাৰ লগতে জিলাখনৰ বিভিন্ন নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ লগে লগে কৰিমগঞ্জ জিলা আয়ুক্তই যোৱা মঙলবাৰে এটা নিৰ্দেশ জাৰি কৰি কৰিমগঞ্জ জিলাৰ চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ বাতিল কৰিছে। আনহাতে, ৰাজ্যখনৰ বিভিন্ন জিলা প্ৰশাসনে স্থাপন কৰা ২৪০ টা আশ্রয় শিবিৰত ৪৮ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ২৬৭ টা সাহায্য বিতৰণ কেন্দ্ৰত অত্যাৱশ্যকীয় সামগ্রী, ঔষধ আদি বিতৰণ কৰা হৈছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লোকে বান ক্ষতিগ্রস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বান ক্ষতিগ্রস্ত অসমত সাহায্য আৰু পুনৰসংস্থাপনত সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই বিশেষ পেকেজ ঘোষণা কৰিব বুলি কেন্দ্ৰীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে কালি গুৱাহাটীত প্ৰকাশ কৰিছে। উত্তৰ-পূবৰ শক্তি আৰু নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে গুৱাহাটীত আয়োজিত বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে অসমৰ বান ক্ষতিগ্রস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে ৰাজ্যখনত বানত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰীয়ে এই মূল্যায়ন সম্পন্ন হোৱাৰ পাছতেই পেকেজ ঘোষণা কৰিব। আনহাতে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা কানামাত্ৰা নৈৰ বাঢ়নী পানী আৰু খহনীয়াৰ ফলত খুংখাঝৰা গাঁৱৰ উপৰি দৈচোমগুৰি, গুবদাপাৰা, চামথাইবাৰী অঞ্চলত বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে। কালি মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংসদ জয়ন্ত বসুমতাৰীয়ে চিৰাঙৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আশ্রয় শিবিৰত থকা লোকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত হোৱা কেইবাটাও পৰিয়ালক বি-টি-চিৰ প্ৰশাসনৰ পৰা ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক