July 4, 2024 1:09 PM | Assam Flood

printer

বান পৰিস্থিতি পর্যালোচনাৰ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি পর্যালোচনাৰ কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তসকলৰ সৈতে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভা কক্ষৰ পৰা ভিডিঅকনফাৰেন্সিঙৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। এই বৈঠকত বান পীড়িতলোকৰ উদ্ধাৰ,সাহায্য অভিযান, পুনৰ সংস্থাপন, ক্ষতিগ্ৰস্ত পৰিয়াল তথা অনান্য অনুষ্ঠান-প্ৰতিষ্ঠান ইত্যাদিৰ ক্ষয় ক্ষতিৰ জৰীপ কৰি উদ্ধাৰ অভিযান ক্ষীপ্ৰগতিত অব্যাহত ৰখাৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা সম্পূৰ্ণ নোহোৱালৈকে আশ্রয় শিবিৰত থকা লোকসকলে যাতে খাদ্য, খোৱাপানী, চিকিৎসা সামগ্ৰী, শিশু খাদ্য, চেনিটেৰী নেপকিন আদিকে ধৰি প্ৰয়োজনীয় সকলো সাহায্য সামগ্রী লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক নির্দেশ দিয়ে। আনহাতে, শুইচ গেটত পা কৰি পানী নিষ্কাষণ, ভগ্ন দলঙৰ বিকল্প ব্যৱস্থা, জিঅবেগৰ ব্যৱস্থা, জমা হৈ থকা পানী উলিয়াই দিয়া ইত্যাদি দিশত বিভিন্ন ধৰণৰ উদ্ভাৱনীমূলক ব্যৱস্থাৰে বান পীড়িত এলেকাসমূহত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক নির্দেশ দিয়ে। অহা ১৫ আগষ্টৰ ভিতৰত বান পীড়িত ৰাইজক পুনৰ সংস্থাপন আৰু অনুদান দিব পৰাকৈ আশ্রয় শিবিৰত থকা লোক অথবা ৪৮ ঘণ্টাৰ অধিক সময় পানীত আৱদ্ধ হৈ থকা পৰিয়ালসমূহক চিনাক্ত কৰি আংশিক বা সম্পূর্ণভাৱে ক্ষতিগ্ৰস্ত গৃহৰ গৰাকীসমূহৰ সঠিক তালিকা প্রস্তুত কৰাৰ বাবে তৎকালীন জৰীপ আৰম্ভ কৰিবলৈও তেওঁ আয়ুক্তসকলক নির্দেশ দিয়ে। ইফালে,বান পৰিস্থিতি পর্যবেক্ষণৰ বাবে আজিৰেপৰা কেইবাজনো মন্ত্ৰীক নিৰ্দিষ্ট জিলাত তিনিদিনৰ বাবে বাহৰ পাতি ক্ষয় ক্ষতিৰ প্ৰতিবেদন যুগুতোৱাৰ কামত নিয়োজিত কৰা হৈছে। সেই অনুসৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, চৰাইদেউত যোগেন মোহন, শিৱসাগৰ আৰু যোৰহাটত বিমল বৰা, ধেমাজি আৰু লখিমপুৰত ডাঃ ৰণোজ পেগু, বিশ্বনাথ-শোণিতপুৰ আৰু দৰঙত পিযুষ হাজৰিকা, গোলাঘাটত অজন্তা নেওগ, নগাওঁ আৰু মৰিগাঁৱত অতুল বৰা, মাজুলীত জয়ন্তমল্ল বৰুৱা আৰু ওদালগুৰিত নন্দিতা গালোচাক দায়িত্ব দিয়া হৈছে। আনহাতে, মুখ্যমন্ত্রী শর্মাই আজি মাজুলী, পৰহি ডিব্ৰুগড় আৰু তাৰ পাছত তিনি-চাৰিদিনৰ বাবে বৰাক উপত্যকাৰ বান পীড়িত অঞ্চলসমূহলৈ গৈ পৰিস্থিতিৰ বুজ লব। মুখ্যমন্ত্ৰীয়ে নিৰ্দিষ্ট জিলাসমূহৰ আয়ুক্তসকলক ইয়াৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। আনহাতে, বান প্রশমনৰ পাছত কৃষকসকলে যাতে প্ৰয়োজনীয় কঠিয়া আৰু বীজ লাভ কৰিব পাৰে তাৰ বাবে এতিয়াৰে পৰা কৃষি বিভাগক সষ্টম কৰি ৰাখিবলৈ আৰু পৰিস্থিতি উন্নত হোৱাৰ লগে লগে অঞ্চলসমূহত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্তসকলক তেওঁ নিৰ্দেশ প্রদান কৰে। ভিডিঅকনফাৰেন্সিঙৰ সময়ত মুখ্য সচিব ডº ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী, ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্রিপাঠী, বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হিৰেণ নাথৰ লগতে এন ডি আৰ এফ, এছ ডি আৰ এফ তথা সংশ্লিষ্ট বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক