June 5, 2024 12:33 PM | Assam Flood

printer

নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কাছাৰ, নগাঁও, কৰিমগঞ্জ, ধেমাজি, মৰিগাঁও, হোজাই, ডিব্ৰুগড়, ডিমাহাচাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এই ১০ খন জিলাৰ ২৩ টা ৰাজহ চক্ৰৰ অন্তর্গত ৪৫৯ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। সাম্প্ৰতিক বানত কাছাৰ জিলাৰ প্ৰায় ১ লাখ ২০ হাজাৰ জন, ধেমাজিত ২৪২ জন, ডিমাহাচাওত ৪০০ জন, হাইলাকান্দিত ৪ হাজাৰ ১০৪ জন, হোজাইত ৪ হাজাৰ ৪৫১ জন, পশ্চিম কাৰ্বি আংলঙত ৪ হাজাৰ ৮৬১ জন, কৰিমগঞ্জত ১৯ হাজাৰ ৫২৪ জন, মৰিগাঁৱত এহেজাৰ ১৩৯ জন আৰু নগাঁৱত সৰ্বাধিক ২ লাখ ১৩ হাজাৰ ৪৮২ জন লোক ক্ষতিগ্ৰস্ত হৈছে। এই জিলাসমূহত বর্তমানে ১৬৭ টা চৰকাৰী সাহায্য শিবিৰ আৰু ৭৩ টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে। শিবিৰসমূহত প্ৰায় ৩৩ হাজাৰ বানপীড়িতই আশ্রয় গ্রহণ কৰা বুলি জানিব পৰা গৈছে। ইপিনে, কাছাৰৰ বান পৰিস্থিতি অধিক জটিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে জৰুৰী সেৱা বাহিনীয়ে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বৰ্তমানেও কপিলী আৰু কুশিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেদি প্ৰৱাহিত হৈ থকাৰ ফলত নগাঁও জিলা আৰু বৰাক উপত্যকাৰ বান পৰিস্থিতি উন্নত হোৱা নাই। ইপিনে, সাম্প্রতিক বানত আজিলৈকে মুঠ ২৪ জন লোকৰ মৃত্যু হোৱা বুলি ৰাজ্যিক দুর্যোগ প্রশমন প্ৰাধিকৰণে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক