অসমৰ মীন পালন খণ্ডই বিগত ১০ বছৰত যথেষ্ট প্ৰগতি লাভ কৰিছে আৰু ব্যৱসায়িক মাছ পালনৰ ক্ষেত্ৰত পঞ্চম স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি দিছপুৰৰ লোকনির্মাণ বিভাগৰ সন্মিলন প্রেক্ষাগৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদত আয়োজিত বিশ্ব মীন পালন দিৱসত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যিক মীন বিভাগে অসমক দেশৰ অগ্ৰণী মৎস্য ৰপ্তানিকাৰী ৰাজ্যৰূপে পৰিগণিত কৰাত সহায় কৰিব পাৰে। বিশ্ব মীন দিৱস উপলক্ষে কালি নতুন দিল্লীত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অসমৰ দৰং জিলাই মীন ক্ষেত্ৰত হিমালয় পাদদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ জিলাৰ বঁটা লাভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ উৎপাদন ইত্যাদি বিভাগৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ পৰা দৰং জিলাৰ মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰে এই বঁটা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। এই অনুষ্ঠানত বিভাগটোৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রীদ্বয় জৰ্জ কুৰিয়ান আৰু এছ পি ৱাঘেলো উপস্থিত আছিল। বিগত বছৰটোত জিলাখনত কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰ, কেন্দ্ৰীয় অর্থসাহায্যৰ প্ৰধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত প্রযুক্তিগতভাৱে মাছৰ উৎপাদনেৰে জিলাখনক স্বনিৰ্ভৰশীল কৰা, থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণ আৰু ইয়াৰ পোনাৰ বাণিজ্যিক উৎপাদনৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানৰ কাৰিকৰীৰ সহযোগত কৃত্রিম প্রজননেৰে মাছৰ পোনা উৎপাদন আদিৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে জিলাখনে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।
Site Admin | November 22, 2024 12:18 PM | assam fish rabi kota