ডাউনলোড
মোবাইল এপ

android apple
signal

November 13, 2024 8:05 PM | Assam Election Update

printer

ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ সামৰণি

বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ আজি বিয়লি ৫ বজাত সামৰণি পৰে। অৱশ্যে কেতবোৰ ভোটগ্রহণ কেন্দ্ৰৰ চৌহদৰ ভিতৰত ৫ বজাৰ আগেয়ে প্ৰৱেশ কৰা ভোটদাতা ৰাইজৰ সুবিধাৰ বাবে কিছু দেৰিলৈকে ভোটগ্রহণ চলি আছে। চামগুৰি আৰু বিহালী সমষ্টিৰ কেতবোৰ অঞ্চলত দুষ্কৃতিকাৰীৰ দ্বাৰা আক্ৰমণ-প্রত্যাক্রমণৰ ঘটনা সংঘটিত হয় যদিও এনেধৰণৰ ঘটনাই ভোটগ্রহণত কোনো প্রভাৱ পেলাব নোৱাৰিলে বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। এই ভোটগ্ৰহণৰ চূড়ান্ত হাৰ এতিয়াও জানিব পৰা হোৱা নাই যদিও চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে বিয়লি ৫ বজালৈকে চামগুৰি সমষ্টিত ৭৮ দশমিক ১–০ শতাংশ, বিহালী সমষ্টিত ৭৩ দশমিক ৭-০ শতাংশ ধলাই সমষ্টিত ৭২ দশমিক ৪-০ শতাংশ, চিদলী সমষ্টিত ৭১ দশমিক ৫-০ শতাংশ আৰু বঙাইগাঁও সমষ্টিত ৬৯ দশমিক ০-৮ শতাংশ ভোটদান হৈছিল। চামগুৰি সমষ্টিৰ পশ্চিম লৰিৰমুখৰ কৰৈগুৰি মজলীয়া বিদ্যালয় ভোটগ্রহণ কেন্দ্ৰত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, সমষ্টিটোৰ কংগ্ৰেছ প্রার্থী তানজিল হুছেইন আৰু তেওঁৰ মাতৃয়ে ভোটদান কৰে। আনহাতে, চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম ঠুনুকুবাৰী প্ৰাথমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্ৰত সমষ্টিটোৰ বিপিএফ প্রার্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে ভোটদান কৰে। ধলাই সমষ্টিৰ এটা ভোটগ্রহণ কেন্দ্ৰত আজি সাংসদ পৰিমল শুক্লবৈদ্যই ভোটদান কৰে। সমষ্টিটোত ভোটগ্রহণ প্রক্রিয়া সামগ্রিকভাৱে নিয়াৰিকৈ অনুষ্ঠিত হয়। উপ-নির্বাচন অনুষ্ঠিত পাঁচোটা সমষ্টিত সামগ্রিকভাৱে নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে ভোটগ্রহণ অনুষ্ঠিত হয়। এতিয়ালৈকে কোনো ঠাইৰ পৰা কোনো অপ্রীতিকৰ ঘটনা ঘটাৰ বাতৰি আমালৈ অহা নাই। বঙাইগাঁও সমষ্টিতো আজি ভোটগ্রহণ প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন হৈছে। এই পাঁচটা সমষ্টিৰ মুঠ এহেজাৰ ৭৮টা ভোটগ্রহণ কেন্দ্ৰত ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ ভিতৰত চিদলীৰ ২৭৩টা, চামগুৰিৰ ১৯৭টা, বিহালীৰ ১৫৪টা আৰু ধলাইৰ ২০৮টা কেন্দ্ৰ আছে। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে ।  সমষ্টিকেইটাৰ উপ-নিৰ্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আজিৰ ভোটগ্ৰহণৰ জৰিয়তে ধলাই সমষ্টিৰ ৮ গৰাকী, চামগুৰিৰ ১১ গৰাকী, চিদলীৰ ৩ গৰাকী, বিহালীৰ ৪ গৰাকী আৰু বঙাইগাঁও সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য প্রায় ৯ লাখ ১২ হাজাৰ ভোটদাতাই নিৰূপণ কৰিব। এইসকলৰ মাজত ৪ লাখ ৫৫ হাজাৰ ১২৪ গৰাকী পুৰুষ আৰু ৪ লাখ ৫৬ হাজাৰ ৮৮২ গৰাকী মহিলা ভোটদাতাৰ লগতে ১৯ গৰাকী তৃতীয় লিংগৰ ভোটদাতাও আছে।

অধিক পঢ়ক

সকলো চাওক