অসমত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযান অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ অধীনৰ ৰূপহীত বিজয় সংকল্প সভাক সম্বোধন কৰি কয় যে অসমৰ ১৮ লাখ পৰিয়ালে প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত বাসগৃহ লাভ কৰিছে। শ্ৰী শৰ্মাই লগতে বিনামূলীয়া ৰেচন প্ৰদান ব্যৱস্থাৰ ম্যাদ ৫ বছৰলৈ বৃদ্ধি কৰা বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্রী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাই দুখীয়া পৰিয়ালসমূহৰ বাবে বিনামূলীয়া বিদ্যুৎ সুনিশ্চিত কৰিব বুলি প্ৰকাশ কৰে। আনহাতে, নগাঁৱৰ চামগুৰিৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে চৰকাৰী চাকৰি লাভ নকৰা শিক্ষিত নিবনুৱাসকলক ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি দৰং-ওদালগুৰি সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলিত হ’বলগীয়া এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ আগমনক লৈ মিত্ৰজোঁট বিজেপি, অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ নেতা কর্মীসকলে ব্যাপক প্রস্তুতি চলাইছে। বৰাকতো তাৰকা প্ৰচাৰকৰ ভিৰ পৰিলক্ষিত হৈছে। আজি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ চলাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দক্ষিণ কৰিমগঞ্জৰ সুপ্ৰকান্দি অঞ্চলত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব। কৰে। ইপিনে, নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি মৰিগাঁৱত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে।

অধিক পঢ়ক

সকলো চাওক