ডাউনলোড
মোবাইল এপ

android apple
signal

October 18, 2024 12:28 PM | Assam Election

printer

ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। ইয়াৰ লগে লগে সমষ্টিকেইটাত বিজেপি, কংগ্ৰেছ, অগপ, এ ইউ ডি এফ, তৃণমূল কংগ্ৰেছ, বিপিএফ, ইউ পি পি এলকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত বিৰোধী মৰ্চাৰ এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত কংগ্ৰেছৰ তত্ত্বাৱধায়ক ড০ জিতেন্দ্র সিং উপস্থিত থাকে। বৈঠকত কংগ্ৰেছৰ নেতাসকলৰ লগতে বিৰোধী মৰ্চাৰ নেতাসকলো উপস্থিত থাকে। এই বৈঠকতে আসন্ন উপ-নির্বাচনৰ বাবে প্রার্থিত্বৰ ভাগ-বাটোৱাৰা সন্দৰ্ভত আলোচনা কৰা হৈছে। ইপিনে, ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু ইউ পি পি এল দলেও নির্বাচনী প্রস্তুতি অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত খালী হোৱা বিধানসভাৰ ৫খন আসনৰ বাবে অহা ১৩ নৱেম্বৰত উপ-নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক