লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

অহা ১৯ এপ্ৰিলত ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় নির্বাচনী জিলাত নির্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া জয়প্ৰকাশ শিৱহাৰেক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। পর্যবেক্ষকগৰাকীয়ে ৰাইজৰ নিৰ্বাচন সংক্রান্তীয় ওজৰ-আপত্তি থাকিলে 86385-45057 ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। তেওঁ লগতে কোনো প্রলোভনৰ বশৱৰ্তী নোহোৱাকৈ নিজৰ বিচাৰ-বিবেচনাৰে ভোটদান কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৪১৬ গৰাকী প্রথম পোলিং বিষয়াক আজি ভোটগ্ৰহণৰ প্ৰশিক্ষণ দিয়া হয়। উল্লেখযোগ্য যে জিলাখনত ৩৪৭ টা ভোটগ্রহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব। জিলা প্ৰশাসনৰ উদ্যোগত কালি ৪১৬ গৰাকী প্রিজাইডিং বিষয়াক প্রশিক্ষণ প্ৰদান কৰা হৈছিল। কাইলৈ দ্বিতীয় আৰু পৰহিলৈ তৃতীয় প’লিং বিষয়াসকলক প্রথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাত উপ-জিলাত আজি লোকসভা নিৰ্বাচনৰ শুভংকৰ উন্মোচন কৰা হয়। ভোটদাতাসকলৰ মাজত ভোটদানৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ত ছুইপ কোষৰ উদ্যোগত আজি বিন্দু নামৰ শুভংকৰটো অসমৰ অন্যতম সম্পদ এটা খড়াযুক্ত গঁড়ক প্ৰতীক হিচাপে লৈ প্ৰস্তুত কৰা হৈছে। বোকাখাতৰ জিলা নির্বাচনী বিষয়া চিমি কৰণে শুভংকৰটো উন্মোচন কৰে।

অধিক পঢ়ক

সকলো চাওক