ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষক-কৰ্মচাৰীৰ সময়ানুৱৰ্তিতা বজাই ৰখাৰ বাবে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষাসেতু এপত উপস্থিতি সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি শিক্ষক-কৰ্মচাৰীসকলে বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত বাধ্যতামূলকভাৱে চিহ্নিত কৰিব লাগিব। তদুপৰি বিদ্যালয়ত প্ৰৱেশত ১৫ মিনিটতকৈ পলম হ’লে বা নির্ধাৰিত সময়তকৈ আগেয়ে বিদ্যালয়ৰ পৰা প্ৰস্থান কৰিলে আৰু এনে কাৰ্য ২ বাৰতকৈ অধিক হ’লে শিক্ষক-কৰ্মচাৰীৰ অৰ্ধদিনৰ আৰ্জিত ছুটী কৰ্তন হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
Site Admin | June 8, 2024 9:02 PM | Assam Education | sikshasetu
ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীসকলৰ বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত চিহ্নিত কৰাটো বাধ্যতামূলক
