ডাউনলোড
মোবাইল এপ

android apple
signal

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ১২ টাকৈ বিষয়ৰ প্ৰশ্ন কাকতৰ পদ্ধতি নতুন হ’ব। বিদ্যালয় শিক্ষা বোর্ডে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি ১২টাকৈ বিষয়ৰ থিঅৰীৰ মুঠ নম্বৰৰ ৫০ শতাংশ প্ৰশ্ন হ’ব বহু বিকল্পধর্মী অর্থাৎ এম চি কিউভিত্তিক। এই বহু বিকল্পধৰ্মী প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব এক নম্বৰকৈ । আনহাতে বাকী ৫০ শতাংশ প্রশ্ন অতি চুটি, চুটি আৰু দীঘল হ’ব। বিদ্যালয় শিক্ষা বোৰ্ডৰ নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি বিজ্ঞান শাখাৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ৰ থিঅৰীৰ ৭০ নম্বৰৰ ভিতৰত ৩৫ নম্বৰ বহু বিকল্পধৰ্মী আৰু বাকী ৩৫ নম্বৰ অতি চুটি, চুটি আৰু দীঘল প্ৰশ্ন থাকিব। গণিত বিষয়ৰ থিঅ’ৰীৰ ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰৰ প্ৰশ্ন বহু বিকল্পধৰ্মী আৰু বাকী ৫০ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব। কলা শাখাৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ থিঅৰৰী ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰৰ প্ৰশ্ন বহু বিকল্পধৰ্মী আৰু বাকী ৪০ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব। একেদৰে শিক্ষা, তৰ্ক আৰু দৰ্শন শাস্ত্ৰ, বুৰঞ্জী বিষয়ৰ থিঅ’ৰীৰ ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰৰ প্রশ্ন বহু বিকল্পধৰ্মী আৰু বাকী ৫০ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব। বাণিজ্য শাখাৰ ব্যৱসায়িক অধ্যয়ন, একাউণ্টটেন্সী, ফাইনেন্স বিষয়ৰ থিঅ’ৰীৰ ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰৰ প্ৰশ্ন বহু বিকল্পধৰ্মী আৰু বাকী ৪০ নম্বৰৰ প্রশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব। বহু বিকল্পধর্মী প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে অ’ এম আৰ শ্বিট প্ৰদান কৰা হ’ব বুলি বিদ্যালয় শিক্ষা বোর্ডে নিৰ্দেশনাটোত উল্লেখ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক