বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে

■ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। নিটি আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এই কথা প্ৰকাশ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই সূচকাংক ২০১৮ চনৰ ৪৯ৰ পৰা বৃদ্ধি পাই সম্প্ৰতি ৭১ লৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে সামগ্রিকভাৱে দেশৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকও ৭১ নির্ধাৰণ কৰা হৈছে। সেই অনুসৰি অসমে সম্প্ৰতি দেশৰ আগস্থানপ্রাপ্ত ৰাজ্যৰ তালিকাত স্থান লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, অৰুণোদয় আঁচনি, নিযুত মইনা, এম জি এনৰেগা আদিকে ধৰি ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ ফলতেই এনে উন্নয়ন সম্ভৱপৰ হৈ উঠিছে। অহা দুবছৰৰ ভিতৰত অসমৰ সূচকাংকই ৰাষ্ট্ৰীয় সূচকাংকক অতিক্ৰম কৰাৰ চেষ্টাৰে ৰাজ্য চৰকাৰে কাম কৰিব বুলিও তেওঁ প্ৰকাশ কৰে।
নিটি আয়োগৰ তথ্যত লগতে প্ৰকাশ পোৱা মতে ৰাজ্যত দৰিদ্ৰতাৰ হাৰো ৩৬ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পাইছে। আনহাতে উচ্চ শিক্ষা খণ্ডত তুলনামূলকভাৱে ৰাজ্যখন পিছ পৰি থকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱাবাব এই খণ্ডটোত সূচকাংক ১৬.৭ হোৱাৰ বিপৰীতে চলিত বৰ্ষত এই সূচকাংক ১৯ লৈ বৃদ্ধি পাব বুলি তেওঁ আশা প্রকাশ কৰে। এই সন্দৰ্ভত তেওঁ কয় যে, মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভর্তি, নতুন মহাবিদ্যালয় স্থাপন আদি পদক্ষেপৰ জৰিয়তে এইক্ষেত্ৰত সফলতা লাভ কৰিব পৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক