অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৯খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰে অগপই বৰপেটা সমষ্টিত আৰু ইউ পি পি এলে কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩ খন আসনত কংগ্ৰেছে জয়ী হৈছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্যমঞ্চৰ সমর্থিত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে ২ লাখ ৭৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। একেদৰে লখিমপুৰ সমষ্টিত প্ৰদান বৰুৱাই কংগ্ৰেছৰ উদয় শংকৰ শইকীয়াক, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কিক, শিলচৰত পৰিমল শুক্লবৈদ্যই কংগ্ৰেছৰে সূর্যকান্ত সৰকাৰক, ডিফুত অমৰ সিং টিছ’ই নিৰ্দলীয় প্রার্থী জে আই কাঠাৰক, গুৱাহাটীত বিজুলী কলিতা মেধিয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীক, কৰিমগঞ্জত কৃপানাথ মাল্লাই কংগ্ৰেছ প্রার্থী হাফিজ ৰচিদ আহমেদ চৌধুৰীক আৰু দৰং-ওদালগুৰিত দিলীপ শইকীয়াই কংগ্ৰেছৰ মাধৱ ৰাজবংশীক পৰাস্ত কৰে ৷ ইপিনে কংগ্ৰেছে ধুবুৰী, যোৰহাট আৰু নগাঁও সমষ্টিত জয়লাভ কৰিছে। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে নিকটতম প্রতিদ্বন্দ্বী এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ১০ লাখ ১২ হাজাৰৰো অধিক ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰিছে। একেদৰে যোৰহাটত কংগ্ৰেছৰে গৌৰৱ গগৈয়ে নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ তপন গগৈক আৰু নগাঁও সমষ্টিত কংগ্ৰেছ প্রার্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ সুৰেশ বৰাক পৰাস্ত কৰিছে । আনহাতে, কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে বিপিএফৰ খাম্ফা বৰগয়াৰীৰ বিৰুদ্ধে ৫১ হাজাৰৰো অধিক ভোটত জয়লাভ কৰিছে।
Site Admin | June 5, 2024 11:53 AM | Assam counting