অসমে ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট নিকা শক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। দক্ষিণ কোৰিয়া ভ্ৰমণৰ কালি অন্তিম দিনা ছিউলত দেশখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টার্ট আপ মন্ত্ৰী ইয়ং জুক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ কোৰিয়াৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ বিভিন্ন দিশ আৰু অসম তথা কোৰিয়াৰ ষ্টাৰ্ট আপ গোটসমূহৰ মাজত সহযোগিতাৰ বিষয় লৈ আলোচনা কৰে। পাছত তেওঁ দক্ষিণ কোৰিয়াৰ চিলিকন ভেলী হিচাপে খ্যাত পাংগিঅ’ ষ্টাৰ্ট আপ চৌহদো পৰিদৰ্শন কৰে। ড° শৰ্মাই লগতে ছেমি কণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ সৈতে জড়িত প্রতিষ্ঠান ছিউল ভিঅ’চিচৰ মুখ্য কাৰ্যবাহী বিষয়া লি ইয়ং জোকক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ নতুনকৈ গঢ়ি উঠা ছেমি কণ্ডাক্টৰ খণ্ডত যোগদান কৰিবলৈ আহ্বান জনায়। দক্ষিণ কোৰিয়া ভ্রমণ সামৰি জাপানলৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰী ড° শৰ্মাই সামাজিক মাধ্যমযোগে তেওঁৰ কোৰিয়া ভ্ৰমণ ফলপ্রসূ আছিল বুলি প্ৰকাশ কৰিছে। জাপান ভ্ৰমণকালত মুখ্যমন্ত্রীয়ে এডভাণ্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব।
Site Admin | January 22, 2025 12:36 PM | assam cm south korea