ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৩৮৫গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আজি ৩৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। ইয়াৰে শিক্ষা বিভাগত ২৮৪ গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১০১ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি যোৱা ২৬ ছেপ্তেম্বৰ পৰ্যন্ত এক লাখ ২৪ হাজাৰ ৬৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজিৰ এই নিযুক্তিৰ পাছতে মুঠ নিযুক্তিৰ সংখ্যা ১ লাখ ২৫ হাজাৰ ৩০লৈ বৃদ্ধি পালে। অনুষ্ঠানৰ পাছত সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াও প্রায় ৪০ হাজাৰ পদৰ বাবে নিযুক্তি প্রক্রিয়া চলি আছে। ২০২৬ চনৰ ভিতৰত এক লাখ ৭০ হাজাৰ নিযুক্তি সম্পন্ন কৰাৰ লক্ষ্যৰে কাম কৰি থকা বুলিও তেওঁ লগতে প্ৰকাশ কৰে। বৰ্তমানলৈকে সম্পন্ন হোৱা এক লাখতকৈও অধিক নিযুক্তি সন্দৰ্ভত কোনো ধৰণৰ অনিয়মৰ অভিযোগ উত্থাপন হোৱা নাই বুলিও মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে। আনহাতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে আজিৰ নিযুক্তি প্ৰদান অনুষ্ঠানৰ সন্দৰ্ভত কয় যে, ৰাজ্য চৰকাৰ জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ মূল্য দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু ১ লাখ নিযুক্তি অতিক্ৰম কৰাটোৱে এই কথাকেই প্ৰমাণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক