ডাউনলোড
মোবাইল এপ

android apple
signal

January 8, 2025 1:25 PM | Assam CM

printer

নতুন দিল্লীত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত বিনিয়োগকাৰী শীৰ্ষ সন্মিলন-এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক কালি সাক্ষাৎ কৰে । সাক্ষাৎকালত ড° শৰ্মাই কয়, যে এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম, দেশৰ এক্ট ইষ্ট নীতিৰ গুৰুত্বপূৰ্ণ অংশ। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ আৰু সীমাহীন সুযোগৰ অন্বেষণ কৰিবলৈ আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ৰ বৈঠকত কম্বোডিয়া, ইণ্ডোনেছিয়া মালয়েছিয়া, ভূটান, বাংলাদেশ আৰু আন কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতৰ সৈতে মিলিত হয়। দ্বিতীয় পৰ্যায়ৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় দেশ, যেনে – ফিনলেণ্ড, ছুইডেন, নেডাৰলেণ্ড, ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনা কৰে। একেদৰে তৃতীয় পৰ্যায়ৰ বৈঠকত তেওঁ আৰৱ আমিৰি ৰাষ্ট্ৰ, ইটালী, জাপান, ওমান, ব্রাজিল আৰু আন বহুতো ৰাষ্ট্ৰদূতৰ সৈতে মিলিত হয়। তিনিওখন বৈঠকতে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু সামৰণি অনুষ্ঠানত মন্ত্ৰী পীয়ুষ গোৱেল উপস্থিত আছে।

অধিক পঢ়ক

সকলো চাওক