ৰাজ্যত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা বৃদ্ধি, আজি অমিত শ্বাহৰ কেইবাখনো নিৰ্বাচনী সভা

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰচাৰৰ তৎপৰতা বৃদ্ধি হৈছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে অসমলৈ আহি নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ আৰম্ভ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লখিমপুৰত এখন জনসভাত অংশগ্রহণ কৰিব। ইয়াৰ পাছতে তেওঁ তিনিচুকীয়াত এটা ৰোড শ্ব’ত অংশ ল’ব। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি দিনৰ চাৰে এঘাৰ বজাত লীলাবাৰী বিমান বন্দৰত অৱতৰণ কৰি দুপৰীয়া লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। লখিমপুৰ সমষ্টিৰ বিজেপি প্রার্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত তেওঁ লীলাবাৰীৰ পৰা ডিব্ৰুগড়লৈ ৰাওনা হ’ব। বিয়লি চাৰে চাৰি বজাত শ্ৰী শ্বাহে তিনিচুকীয়াত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। একেদৰে, কেন্দ্ৰীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্রার্থী সর্বানন্দ সোণোৱালে আজি দুলীয়াজান আৰু টিংখাং বিধানসভা সমষ্টিত তিনিখনকৈ নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু ৰাষ্ট্ৰীয় মুখ্য সম্পাদক জীতেন্দ্র সিঙে আজি যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাব। আম আদমী পাৰ্টিৰ নেত্ৰী আতিশীয়ে কালি দুলীয়াজানত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। আজি তেওঁ তিনিচুকীয়াত সংবাদ প্ৰতিষ্ঠানৰ সৈতে মত-বিনিময় কৰাৰ লগতে মাৰ্ঘেৰিটাত মটৰ চাইকেল সমদল আৰু নির্বাচনী সভাত অংশ ল’ব। তেওঁ কাইলৈ তেজপুৰৰ প্ৰাৰ্থীগৰাকীৰ হৈ ৰোড শ্ব’ত অংশ ল’ব।

অধিক পঢ়ক

সকলো চাওক