ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৩.২৩ লাখতকৈও অধিক ছাত্র-ছাত্রীক চাইকেল প্ৰদানৰ সিদ্ধান্ত

অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৩ লাখ ২৩ হাজাৰতকৈও অধিক ছাত্র-ছাত্রীক চাইকেল প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সিদ্ধান্ত সদৰি কৰিছে। কালি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১৫০ কোটি টকা ব্যয় কৰিব। ড° শৰ্মাই দৃঢ়তাৰে কয় যে এই পদক্ষেপে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰিব আৰু আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস কৰিব। এই আঁচনিৰ বাবে মুঠ ১৪৮ কোটি ৫৫ লাখ টকা অনুমোদন কৰা হৈছে। ছাত্ৰ আৰু ছাত্ৰীক সামৰি ৰাজ্যৰ মুঠ ৩ লাখ ২৩ হাজাৰ ৬৪০ গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক