ৰাজ্য চৰকাৰৰ কোনো কৰ্মচাৰীৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হ’লে নাইবা দুৰ্ঘটনাৰ ফলত সম্পূৰ্ণৰূপে শাৰীৰিক অক্ষম হৈ পৰিলে এক কোটি টকা বীমা প্রিমিয়াম হিচাপে আগবঢ়াবলৈ ভাৰতীয় ষ্টেট বেংক আৰু অন্য বেংকসমূহৰ সৈতে চৰকাৰে চুক্তি স্বাক্ষৰ কৰিব। কালি লখিমপুৰত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাব কথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ পাছত এখন সংবাদমেলত প্ৰকাশ কৰে। আনহাতে, দুৰ্ঘটনাৰ ফলত আংশিকভাৱে শাৰীৰিক অক্ষম হৈ পৰিলে ৮০ লাখ টকাৰ বীমা প্রিমিয়াম আগবঢ়োৱা হ’ব। ৰোগাক্ৰান্ত হৈ কোনো চৰকাৰী চাকৰিয়ালৰ মৃত্যু হ’লে পূৰ্বে লাভ কৰা চিকিৎসা সুবিধাসমূহৰ বাহিৰেও অতিৰিক্ত ১০ লাখ টকাৰ জীৱন বীমা প্রিমিয়াম লাভ কৰিব বুলি তেওঁ কয়। ইয়াৰ ফলত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ জীৱন পূৰ্বতকৈ সুৰক্ষিত হ’ব বুলি তেওঁ মন্তব্য কৰে। আনহাতে, কেবিনেটে অহা ২ অক্টোবৰৰ পৰা কাম আৰম্ভ কৰিব পৰাকৈ ৰাজ্যৰ ৩৯ খন উপ-জিলা গঠনত কেবিনেটে অনুমোদন জনাইছে। এতিয়াৰে পৰা মাটি-বাৰীৰ কাম-কাজ, আৱকাৰী, বিধায়কৰ পুঁজি বিতৰণকে ধৰি সকলো ধৰণৰ কাম-কাজ উপ-জিলাতে সম্পন্ন কৰিব পৰা যাব। কেবিনেটে লগতে ৰাজ্যখনৰ ২০ লাখ লোকক অতিৰিক্তভাৱে ৰেচন কাৰ্ড প্ৰদানৰ বাবেও সিদ্ধান্ত গ্রহণ কৰে। ১৫ ছেপ্তেম্বৰত এই কার্ডসমূহৰ বাবে আবেদন আৰু বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১৯ নৱেম্বৰৰ দিনটো বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে পালন কৰাৰ লগতে সীমিত চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ মন্ত্রীসভাই অনুমোদন দিয়ে। লখিমপুৰ জিলাৰ বিভিন্ন আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে ৰাজ্যিক কেবিনেটে ২১৩ কোটি টকাৰ অনুমোদন জনাইছে। এই ধনেবে জিলাখনৰ হাৰমতিৰ পৰা ফুলবাৰী হৈ ডিজুকিমিনৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ ৩৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰাৰ লগতে বগীনদীত প্ৰেক্ষাগৃহ নিৰ্মাণ, শ্ৰীশ্ৰীমাধৱদেৱ ক্ষেত্ৰ উন্নয়ন আঁচনি আৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ জন্মক্ষেত্র উন্নয়ন আঁচনি ৰূপায়ণ কৰা হ’ব। তদুপৰি বেদেটিত এখন আদর্শ স্নাতক মহাবিদ্যালয় নির্মাণৰ বাবেও কালি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে।
Site Admin | September 5, 2024 12:26 PM | assam cabinet meeting