ৰাজ্যৰ কেবিনেট বৈঠকত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি বৈঠকখনৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। উল্লেখযোগ্য যে, ৰাজ্যিক কৃষি বিপণন পৰিষদখন স্বনিৰ্ভৰশীল হ’ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰা পৰিষদৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দৰমহা লাভ কৰা নাই বুলি এইকথা প্ৰকাশ কৰে।

এনে পৰিপ্ৰেক্ষিতত পৰিষদৰ ৬১২ গৰাকী নিয়মীয়া কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবাদ অসম চৰকাৰৰ ১৩০ কোটি টকা ব্যয় কৰা হ’ব। লগতে চৰকাৰৰ দ্বাৰা সদিচ্ছামূলক উদগণি হিচাপে নিষ্পত্তিৰ পৰিমাণৰ উপৰি এই পেকেজত অতিৰিক্ত ১০ শতাংশ প্ৰদান কৰা হ’ব। ফলত একোজন নিয়মীয়া কৰ্মচাৰীয়ে ২০ৰ পৰা ২৫ লাখকৈ টকা লাভ কৰিব। সেইদৰে পৰিষদখনত কৰ্মৰত ১৩১ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰী আৰু ১৬ গৰাকী ফিক্সড পে’ কৰ্মচাৰীকো স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ যিসকলে ১০ বছৰ বা তাতোকৈ কম সময় কৰ্মৰত হৈ আছে তেওঁলোকে ৫ লাখ টকা, ১০ৰ পৰা ১৫ বছৰ কৰ্মৰত কৰ্মচাৰীসকলে ৫ লাখ ৫০ হাজাৰ আৰু ১৫ বছৰ বা তদোধিক সময় কৰ্মৰত কৰ্মচাৰীসকলে ৬ লাখ টকাকৈ লাভ কৰিব। একেদৰে ফিক্সড পেত কৰ্মৰত ১৬ গৰাকী কৰ্মচাৰীৰ যিসকলে ১০ বছৰৰ কম কাম কৰিছে তেঁওলোক একলাখ ৭৫ হাজাৰ টকা, ১০ৰ পৰা ১৫ বছৰ কৰ্মৰত কৰ্মচাৰীসকলে একলাখ ৯৩ হাজাৰ আৰু ১৫ বছৰৰ অধিক সময় কৰ্মৰত কৰ্মচাৰীসকলে ২ লাখ ১০ হাজাৰ টকাকৈ লাভ কৰিব। উল্লেখযোগ্য যে, এই আঁচনিত সৰ্বমুঠ ১৫৫ কোটি টকা ব্যয় কৰা হ’ব।

আনহাতে কালিৰ কেবিনেট বৈঠকত ২০১৬-১৭ চনত ৰাজ্য চৰকাৰে আৰম্ভ কৰা আপোন ঘৰ আঁচনিৰ অধীনত প্ৰদান কৰা ঋণৰ পৰিমাণ ৩০ লাখ টকালৈ বৃদ্ধি কৰিছে বুলি শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই আঁচনিৰ অধীনত ইতিমধ্যে ৩৭ হাজাৰ ২৭৭ গৰাকী কৰ্মচাৰীয়ে ঋণ লৈছে। আপোন ঘৰ আঁচনিৰ অধীনত পূৰ্বে ১৫ লাখ টকাকৈ এই কৰ্মচাৰীসকলে মুঠ ৫,৬৬৩ কোটি টকা ঋণ লৈছিল। এতিয়াৰ পৰা কৰ্মচাৰীসকলে ৩০ লাখ টকা পৰ্যন্ত ঋণ ল’ব পাৰিব আৰু ইয়াৰ এক শতাংশকৈ সুদ ৰাজ্য চৰকাৰে আদায় দিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক