ডাউনলোড
মোবাইল এপ

android apple
signal

অৰুণোদয় লাভ কৰা ৬৮২গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা ৬৮২ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ২০২৫ বৰ্ষটো কিতাপৰ দিৱস হিচাপে পালনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় । তদুপৰি ফৰেষ্ট ভিলেজৰ গাঁওবুঢ়ালৈ ৯ হাজাৰ টকাকৈ পাৰিতোষিক প্ৰদানৰ ক্ষেত্ৰত মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তসমূহ অহা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৈঠকখনত পৰিবহণ মন্ত্ৰী যোগেন মহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু শ্রমিক কল্যাণ মন্ত্রী ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থকাৰ লগতে গুৱাহাটী আৰু আন জিলা সদৰত থকা মন্ত্ৰীসভাৰ সদস্যসকলে ভার্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক