ডাউনলোড
মোবাইল এপ

android apple
signal

December 12, 2024 12:22 PM | cabinet assam

printer

আধাৰ কাৰ্ড প্রদান ব্যৱস্থা অধিক কঠোৰ কৰাৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত

ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্রদান ব্যৱস্থা অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে কোনো সন্দেহযুক্ত নাগৰিকে যাতে ৰাজ্যত আধাৰ কাৰ্ড ল’ব নোৱাৰে তাৰবাবে মন্ত্রীসভাই আধাৰ প্ৰদানৰ ব্যৱস্থা অধিক কটকটীয়া আৰু কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ড° শৰ্মাই কয়, যে কোনো ব্যক্তিয়ে আধাৰৰ বাবে আৱেদন কৰাৰ প্ৰথম পর্যায়তে চক্র বিষয়াজনে এন আৰ চি প্ৰণয়নৰ সময়ত সেই ব্যক্তিজন, পৰিয়াল বা তেওঁৰ পিতৃ-মাতৃয়ে এন আৰ চিৰ বাবে আৱেদন কৰিছিল নে নাই সেই দিশটো চালি-জাৰি চাব লাগিব। যদিহে ব্যক্তিজনে আৱেদন কৰা নাছিল তেতিয়াহ’লে আধাৰৰ বাবে তেওঁ কৰা আৱেদনখন প্রতাখ্যান হ’ব আৰু সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা হ’ব। অৱশ্যে ২০১৪ চনৰ পাছত ৰাজ্যলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য নহ’ব।

মন্ত্ৰীসভাৰ বৈঠকত কালি ভূমিৰ খাজনা আদায় দিয়াৰ বিষয়েও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ডিজিটেল ব্যৱস্থাৰে ভূমিৰ খাজনা আদায় দিয়াৰ লগতে পূৰ্বৰ দৰে মৌজাদাৰ কাৰ্যালয়ত গৈও খাজনা আদায় দিব পৰা যাব। মন্ত্রীসভাই লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠান আদিক মাটিৰ পট্টা প্ৰদান ব্যৱস্থাও কিছু সৰল কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। এই অনুসৰি এই সামাজিক অনুষ্ঠানসমূহক ছ’চাইটী পঞ্জীয়ন কৰোতে ৩ বছৰৰ অডিট প্রতিবেদন দাখিল ব্যৱস্থাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। মন্ত্রীসভাই লগতে ছ’চাইটীৰ পঞ্জীয়ন নবীকৰণৰ মাছুল আদায় দিব নোৱৰাৰ বাবে দিবলগীয়া জৰিমনা ৰেহাই দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই ভূটান ৰজাৰ আমন্ত্ৰণ মৰ্মে ১৭ ডিচেম্বৰত তেওঁ ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। এই যাত্ৰাৰ সময়তে ভূটানৰ সৈতে ৰাজ্যৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে জলসিঞ্চন, খোৱাপানী আঁচনি আৰু শক্তি আহৰণ সম্পৰ্কে ভূটান চৰকাৰৰ সৈতে আলাপ-আলোচনা কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক