ডাউনলোড
মোবাইল এপ

android apple
signal

March 4, 2025 7:48 PM | assam cabinet

printer

প্ৰাক্তন আই আই টিয়ানৰ সহযোগত অসমত ১০ টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-আই আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সৰ্বভাৰতীয় সংগঠনৰ সহযোগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত অসমত যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে ১০ টা দক্ষতা কেন্দ্ৰ স্থাপন কৰা হব। ৯০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ ১০ শতাংশ ৰাজ্য চৰকাৰে আৰু বাকী অংশ আই আই টিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংগঠনে বহন কৰিব। দক্ষতা বিকাশৰ পাঠ্যক্ৰম গ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ কর্মসংস্থাপন দিয়াৰ ব্যৱস্থাও আই আই টিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এই সংগঠনে গ্রহণ কৰিব। আজি বিয়লি দিশপুৰত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে।
মন্ত্ৰীসভাৰ বৈঠকে বিধান সভাত উত্থাপন হবলগীয়া কেইবাখনো বিধেয়কতো আজি অনুমোদন জনায়। ইয়াৰ ভিতৰত নতুনকৈ স্থাপন হবলগীয়া লখিমপুৰ আৰু শিৱসাগৰ বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ত উপাচাৰ্য্য নিযুক্তি দিয়াতো ৰাজ্যিক মন্ত্রীসভাই অনুমোদন দিয়ে। ৰাজ্যৰ অভিযান্ত্ৰিক পাঠ্যক্রম সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলক লোক নির্মাণ বা জলসম্পদ বিভাগত ঠিকাৰ বাবে নিবিদা দাখিল কৰিব পৰাকৈ প্রয়োজনীয় চৰ্তাৱলী শিথিল কৰাৰ বাবেও মন্ত্রীসভাই সিদ্ধান্ত লয়।

এতিয়াৰ পৰা অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত স্পষ্টীকৰণ দিয়াটো বাধ্যতামূলক কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত লয়। মুখ্যমন্ত্রী ড° শৰ্মাই এই বিষয়ে প্রকাশ কৰি কয়, যে নতুনকৈ স্থাপিত বিশ্ববিদ্যালয়সমূহে ধৰ্মনিৰপেক্ষ নীতি গ্রহন কৰিব লাগিব। এই প্রতিষ্ঠানসমূহ প্রত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ বিষয়ৰ সৈতে জড়িত হব নোৱাৰিব। এডভান্টেজ আচামৰ স্বাক্ষৰ হোৱা বুজাবুজিৰ চুক্তি অনুসৰি ছিপাঝাৰ আৰু তিনিচুকীয়াত মা কামাখ্যা নেচনেল ইউনিভাৰ্ছিটি অসম— এডটেক স্কীল ইউনিভাৰছিটি-অসম নামৰ দুখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰিবলৈ মন্ত্রীসভাই সিদ্ধান্ত লয়। যিকোনো চৰকাৰী ভৱন নিৰ্মাণৰ ক্ষেত্ৰত ন্যূনতম ৫ শতাংশ বাঁহৰ সামগ্ৰী ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈকো মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰে ।

অধিক পঢ়ক

সকলো চাওক