মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ অনুসৰি অসম মন্ত্রীসভাই চৰ অঞ্চলৰ ভূমিসমূহৰ জৰীপ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ বৈঠকত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সদস্যৰ সংখ্যা ৩৬ৰ পৰা ৪২ লৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। আয়ুর্বেদিক চিকিৎসক হিচাপে নতুনকৈ নিযুক্তি লাভ কৰি চৰকাৰী চিকিৎসালয়ত কৰ্মৰত চিকিৎসকসকলক তিনিবাৰকৈ আগতীয়া দৰমহা বৃদ্ধি কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যখনত সেউজ শক্তি উৎপাদনৰ বাবে সংহত নীতি ৰূপায়ণতো মন্ত্রীসভাই অনুমোদন জনাইছে। ৰহা আৰু জাগীৰোডৰ মাজত ৫৭০ বিঘা ভূমি সামৰি এখন বহুমুখী উদ্যোগিক পাম নিৰ্মাণৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনোৱা হৈছে। একেদৰে বড়োলেণ্ডত স্বামী বিবেকানন্দ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেবিনেটে মঞ্জুৰী প্ৰদান কৰে।
Site Admin | February 17, 2025 12:57 PM | assam cabinet
ৰাজ্যৰ চৰ অঞ্চলৰ ভূমিৰ জৰীপ কৰাৰ বাবে অসম মন্ত্রীসভাৰ সিদ্ধান্ত গ্ৰহণ
