September 14, 2024 7:02 PM | assam cabinet

printer

অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্ত গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ

অসম মন্ত্রীসভাই অনিয়ন্ত্রিত জমা ধন আৰু অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্তত ৰাজ্যৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা সকলো গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই লগতে গৃহ আৰু বিত্ত বিভাগক ভৱিষ্যতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ উদ্দেশ্যে যুটীয়াভাৱে নীতি-নির্দেশনা যুগুতাই উলিয়াবলৈ নিৰ্দেশ দিছে। অলপতে অবৈধ অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত কেইবাখনো এজাহাৰ ৰুজু হৈছে আৰু বিষয়টো লৈ ৰাজ্যৰ বিভিন্ন স্থানত জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমানলৈকে এই কেলেংকাৰী সংক্রান্তত ৬১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২২ জন লোকৰ বিৰুদ্ধে লুক আউট জাননী জাৰী কৰা হৈছে। ইয়াৰ উপৰি এনে ঘটনাৰ তদন্তৰ বাবে ১৪টা বিশেষ তদন্ত দল গঠন কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যখনত ভাৰতীয় প্ৰতিভূতি বিনিময় বোর্ড, ছেবি অথবা ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ নীতি নিৰ্দেশনা পালন নকৰাকৈ কেইবাটাও ট্রেডিং কোম্পানীয়ে কাম-কাজ চলাই আছে আৰু ইয়াৰ ফলত বিনিয়োগকাৰীসকল লোকচানৰ সন্মুখীন হবলগীয়া হৈছে। প্ৰৱঞ্চক অনলাইন কোম্পানীসমূহে দুমাহৰ ভিতৰত ৩০ শতাংশ মুনাফাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ লগতে বাহিৰৰ বিনিয়োগকাৰীসকলকো প্রলোভিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক