ডাউনলোড
মোবাইল এপ

android apple
signal

September 14, 2024 7:00 PM | assam cabinet

printer

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা অনুমোদন মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হব। এই ধনৰাশি চিৰিয়াখানা কৰ্তৃপক্ষই দুটা কিষ্টিত লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকে এই বিষয়ত অনুমোদন জনায়। কেবিনেটে লগতে গুৱাহাটী মহানগৰৰ ডাউন-টাউনৰ উৰণ সেতুৰ বাবে ১১১কোটি টকাৰ অনুমোদন দিছে। সিদ্ধান্ত অনুসৰি কোকৰাঝাৰত ১০৭ কোটি টকা ব্যয়ৰে ষ্টেডিয়াম নিৰ্মাণ কৰা হব। ৰাজ্য চৰকাৰে ১৯ ছেপ্তেম্বৰৰ পৰা দুখন আঁচনি আৰম্ভ কৰিব। ইয়াৰে প্ৰথমখনৰ জৰিয়তে ১২ লাখ ৬০ হাজাৰ লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হব। আনহাতে দ্বিতীয়খন আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১৭ লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হব ।

অধিক পঢ়ক

সকলো চাওক