ডাউনলোড
মোবাইল এপ

android apple
signal

অসম মন্ত্ৰীৰ বৈঠকত ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ পৰা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণকাৰ্য পৃথক কৰাৰ সিদ্ধান্ত

অসম চৰকাৰে ৰাজ্যখনত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণৰ কামসমূহ অধিক পাৰদৰ্শিতাৰে চোৱাচিতা কৰাৰ বাবে ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ পৰা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণকাৰ্য পৃথক কৰাৰ সিদ্ধান্ত লৈছে। আজি আবেলি দিশপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। আজিৰ বৈঠকত পঞ্চায়তসমূহৰ ৰাজহ সংগ্ৰহ ব্যৱস্থা শৃংখলিত কৰাৰ বাবে পঞ্চায়ত বিত্তীয় আইনৰ সংশোধনী ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ড০ শর্মাই কয়, যে জলবায়ু পৰিৱৰ্তন বিভাগটো এতিয়াৰে পৰা বন বিভাগৰ সৈতে সংলগ্ন কৰা, ৰাজ্যখনৰ প্ৰতিটো উন্নয়ন খণ্ডতে এটাকৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা, মাহিলি পোন্ধৰ হাজাৰ টকালৈকে উপাৰ্জন কৰা লোকৰ ক্ষেত্ৰত বৃত্তিগত কৰ ৰেহাই দিয়া আৰু কেঁচা চাহপাতৰ ওপৰত থকা সকলো কৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ততো অসম মন্ত্রীসভাই আজি অনুমোদন জনায়।

অধিক পঢ়ক

সকলো চাওক