June 20, 2024 12:00 PM | assam cabinet

printer

ৰাজ্যত নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন; ৩০ আগষ্টৰ পূর্বে পঞ্চায়তসমূহৰ আৰু ১৫ ছেপ্টেম্বৰৰ পূৰ্বে ব্লকসমূহৰ পুনৰ নিৰ্ধাৰণ

ৰাজ্যত অহা নৱেম্বৰৰ মাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনত ইতিমধ্যে বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত আৰু উন্নয়ন খণ্ডসমূহৰো পুনৰ গঠন কৰি পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অহা ৩০ আগষ্টৰ পূর্বে পঞ্চায়তসমূহৰ আৰু ১৫ ছেপ্টেম্বৰৰ পূৰ্বে ব্লকসমূহৰ পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰা হ’ব। কেবিনেট বৈঠকৰ অন্তত সংবাদমাধ্যমৰ আগত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, সর্বাধিক ১৭ খন গাঁও পঞ্চায়ত লৈ একোটা উন্নয়ন খণ্ড গঠন কৰা হ’ব। তেওঁ কয় যে, বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ পাছত উন্নয়ন খণ্ডৰ বিদ্যমান অধিকাৰ ক্ষেত্ৰক এটাকৈ অধিক বিধানসভা সমষ্টি কৰাৰ বাবে পুনর্গঠন আৰু সীমা নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা উদ্ভৱ হয়। পুনৰ গঠনৰ পাছত এটা উন্নয়ন খণ্ড কেৱল এটা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হ’ব। উন্নয়ন খণ্ডৰ মুঠ সংখ্যা বৰ্তমানৰ ২১৯টাতকৈ অধিক নহ’ব। যদি কোনো উন্নয়ন খণ্ড দুই বা ততোধিক জিলাৰ মাজত বিভক্ত কৰা হয় বৰ্তমানৰ খণ্ড মুখ্য কাৰ্যালয় থকা জিলাৰ খণ্ড হিচাপে বিবেচনা কৰা হ’ব। এটা উন্নয়ন খণ্ডৰ অধীনত সৰ্বাধিক ১৭ খন গাঁও পঞ্চায়ত থাকিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কার্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওৰ উন্নয়ন খণ্ডসমূহত কোনো পৰিৱৰ্তন নহ’ব। মন্ত্রী ডাঃ পেগুৱে কয় যে, প্ৰতিটো বিধানসভা সমষ্টিত চাৰিটাকৈ জিলা পৰিষদৰ সমষ্টি থাকিব আৰু প্ৰতি ৩০ হাজাৰ জনসংখ্যাৰ বিপৰীতে এটাকৈ জিলা পৰিষদৰ সমষ্টি গঠন হ’ব। আনহাতে লোকসভা নিৰ্বাচনৰ পূৰ্বে বহু ব্যৱসায়ীলৈ জি এছ টি জাননী প্ৰেৰণ কৰাৰ বিষয়টো কালি অনুষ্ঠিত কেবিনেট বৈঠকত আলোচনা কৰা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ ৬ খন চহৰ- তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গুৱাহাটী, তেজপুৰ আৰু শিলচৰৰ ব্যৱসায়ীসকলৰ সৈতে জি এছ টিৰ বিষয়টো লৈ মন্ত্রীদ্বয় অজন্তা নেওগ আৰু অশোক সিংঘালে অহা পষেকৰ ভিতৰত আলোচনাত মিলিত হ’ব। মন্ত্রীদ্বয়ে এই আলোচনাৰ ভিত্তিত যুগুতাই উলিওৱা প্রতিবেদন পর্যালোচনা কৰি কেবিনেটে পৰৱৰ্তী কাৰ্য ব্যৱস্থা ল’ব। তদুপৰি ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিত খেলৰ মান উন্নত কৰাৰ বাবে একোটা যুৱ ক্লাব স্থাপনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ক্লাবসমূহত চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫ লাখ টকাকৈ প্ৰদান কৰিব আৰু চৰকাৰৰ তৰফৰ পৰা প্ৰতিটো ক্লাবকে ১০ লাখ টকাৰ খেলৰ সামগ্ৰী প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক