August 14, 2024 11:57 AM | assam cabinet

printer

নগৰাঞ্চলত জলাশয় সংৰক্ষণৰ বাবে বিধানসভাৰ অধিৱেশনত বিধেয়ক উত্থাপন কৰা হ’ব বুলি ৰাজ্যিক কেবিনেটত সিদ্ধান্ত

নগৰাঞ্চলত জলাশয় সংৰক্ষণৰ বাবে অসম বিধানসভাৰ অনাগত অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰা হ’ব বুলি কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। কালিৰ বৈঠকতে আছাম আৰবান ৱাটাৰ বডিজ প্রিজার্ভেচন এণ্ড কনজার্ভেচন বিল ২০২৪ৰ খচৰাত অনুমোদন দিয়া হৈছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দি কয় যে নগৰাঞ্চলৰ কৃত্ৰিম বান ৰোধ কৰাৰ লগতে ভূ-জল সংৰক্ষণৰ উদ্দেশ্যে এই বিধেয়কখন আনিবলৈ বিচৰা হৈছে। প্ৰাকৃতিক জলাশয়বোৰৰ উপৰি ব্যক্তিগত বা ধর্মীয় অনুষ্ঠান আদিৰ মালিকানাধীন ৬ বিঘাতকৈ অধিক মাটিকালিৰ পুখুৰী আদিও ইয়াৰ যোগেদি সামৰি লোৱা হ’ব। বিধেয়কখন আইনত পৰিণত হোৱাৰ তিনি মাহৰ ভিতৰত জলাশয় আদিৰ জৰীপ কৰি সংৰক্ষণ সম্পৰ্কীয় অধিসূচনা জাৰি কৰা হ’ব। ইয়াৰ বাবে জিলা পৰ্যায়ৰ লগতে ৰাজ্যিক পৰ্যায়তো এখন সমিতি থাকিব। ইপিনে, ৰাজহ আৰু দুর্যোগ প্রশমন মন্ত্রী যোগেন মহনে সদৰি কৰা অনুসৰি মাটিৰ খাজনা অনলাইন-অফলাইন দুয়োটা ব্যৱস্থাৰে সংগ্ৰহত কেবিনেটে অনুমোদন দিছে। পূৰ্বে কেৱল অনলাইন ব্যৱস্থাৰেহে খাজনা পৰিশোধ কৰিব পৰা হ’ব বুলি জাননী জাৰি কৰা হৈছিল। গঞা ৰাইজে অনলাইন খাজনা পৰিশোধত সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এবছৰৰ বাবে দুয়োটা ব্যৱস্থা বাহাল থাকিব। আন এটা সিদ্ধান্ত অনুসৰি, ৰাজ্যৰ ৩৩ টা পেঞ্চন সেৱা কেন্দ্ৰৰ পৰিচালনাৰ কৰ্তৃত্ব প্ৰশাসনীয় সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ পৰা বিদ্যালয় শিক্ষা বিভাগলৈ হস্তান্তৰত অনুমোদন দিয়া হৈছে। অহা পহিলা ছেপ্তেম্বৰৰ পৰা এই সিদ্ধান্ত কার্যকৰী হ’ব।

অধিক পঢ়ক

সকলো চাওক