ৰাজ্যৰ ৫টা বিধানসভা সমষ্টি ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰিৰ উপ-নির্বাচনত বিজেপি সমর্থিত প্রার্থীয়ে জয়লাভ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপি প্রার্থী দিপ্লুৰঞ্জন শৰ্মাই ২২ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে।
বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী দীপ্তিময়ী চৌধুৰীয়ে ৩৫ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে। চিদলী সমষ্টিত এন ডি এ মিত্রজোঁটৰ প্রার্থী ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্মই ৩৭ হাজাৰতকৈ অধিক ভোটত জয়ী হৈছে।
একেদৰে বিহালী সমষ্টিত বিজেপি প্রার্থী দিগন্ত ঘাটোৱালে ৯ হাজাৰতকৈ অধিক ভোটত জয়ী হৈছে। ধলাই সমষ্টিত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসে জয়লাভ কৰিছে।
উপ-নির্বাচনত বিজেপি মিত্ৰজোঁটে ৫ খনৰ ভিতৰত ৫ খন আসনতে জয়লাভ কৰাৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভোটদাতা ৰাইজক ধন্যবাদ জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবে সমষ্টিকেইটাৰ ভোটদাতাসকলে শাসকীয় দলটোৰ পক্ষত জনমত দিছে বুলি বিজেপি সভাপতিগৰাকীয়ে কয় ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দলীয় কৰ্মীসকলৰ লগতে ভোটদাতাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছে। চামগুৰি সমষ্টিত ২৫ বছৰৰ অন্তত বিজেপি প্রার্থীয়ে জয়লাভ কৰাটোৱে বিজেপি চৰকাৰৰ কল্যাণকামী মনোভাৱাপন্ন কার্যপ্ৰণালীৰ প্ৰতি ৰাইজৰ সমৰ্থন আৰু বিৰোধীৰ বিভাজনকামী ৰাজনীতিক প্রত্যাখ্যান কৰা বুলি তেওঁ উল্লেখ কৰে।
বঙাইগাঁও সমষ্টিত অগপ প্রার্থী দীপ্তিময়ী চৌধুৰীৰ জয়ৰ পিছতে গুৱাহাটীৰ আমবাৰীত থকা অগপৰ মুখ্য কার্যালয়ত দলীয় কর্মীসকলে বিজয় উৎসৱ উদযাপন কৰে। দলটোৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰাৰ্থীগৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে দলীয় কর্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। এই জয়ে অসমৰ জনসাধাৰণ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদৰ সৈতে যে আছে, পুনৰ তাকে প্ৰমাণ কৰিছে বুলি অতুল বৰাই প্ৰকাশ কৰে। শ্ৰী বৰাই লগতে কয়, যে জনসাধাৰণে এন ডি এৰ বিকাশ যাত্ৰাক নিৰৱচ্চিন্নভাৱে আগবাঢ়ি যোৱাতো বিচাৰে, সেয়েহে পুনৰবাৰ প্ৰমাণিত কৰিলে।