অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইপিনে, উপ-নির্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা সম্পন্ন হৈছে। মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত ধলাই সমষ্টিত ৯গৰাকী, ছিদলী সমষ্টিত ৩গৰাকী, বঙাইগাঁও সমষ্টিত ৮গৰাকী, বিহালী সমষ্টিত ৪গৰাকী প্ৰাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী প্রার্থীৰেই মনোনয়ন গৃহীত হয়। ধলাই সমষ্টিত নির্দলীয় প্রার্থী অমিয় কান্তি দাসে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। চামগুৰি সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ১১গৰাকী প্ৰাৰ্থীৰ মনোনয়ন কালি বৈধ বিবেচিত হোৱাৰ লগতে তিনিগৰাকীৰ মনোনয়ন নাকচ হৈছে। উল্লেখযোগ্য যে উপ-নির্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। চিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কেবিনেট মন্ত্ৰী অশোক সিংহলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। কালি মন্ত্ৰীগৰাকীয়ে চিদলী সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ বাসুগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ পাঁচটা স্থানত আজি মন্ত্ৰী সিংহলে নির্বাচনী প্ৰচাৰ চলাব। বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচনৰ প্ৰচাৰ অভিযান ব্যাপক হোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ-বিজেপিকে ধৰি আন আন ৰাজনৈতিক দলসমূহেও সমষ্টিটোৰ ভিন্ন স্থানত প্ৰচাৰ অভিযান চলাইছে।
Site Admin | October 30, 2024 12:31 PM | assam bye election nomination