ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়। অৱশ্যে চামগুৰি বিধানসভা সমষ্টিৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ পৰীক্ষণ প্ৰক্ৰিয়া আজি পুৱা ১১ বজালৈ স্থগিত ৰখা হৈছে। কালি মনোনয়ন পত্ৰ পৰীক্ষা কৰা অনুসৰি ধলাই সমষ্টিত ৯গৰাকী ছিদলী সমষ্টিত ৩গৰাকী, বঙাইগাঁও সমষ্টিত ৮গৰাকী, বিহালী সমষ্টিত ৪গৰাকী প্ৰাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী প্ৰাৰ্থীৰেই মনোনয়ন গৃহীত হয়। ধলাই সমষ্টিত নির্দলীয় প্রার্থী অমিয় কান্তি দাসে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দাসে মনোনয়ন প্রত্যাহাৰ কৰা বুলি সদৰি কৰিছে। উল্লেখ্য যে বিজেপিৰ কাছাৰ জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি অমিয় কান্তি দাসে প্ৰাৰ্থিত্ব লাভ নকৰাৰ পাছতে নির্দলীয় প্ৰাৰ্থীৰূপে প্রতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল। উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ অহা ৩০ অক্টোবৰ ধাৰ্য কৰা হৈছে।
Site Admin | October 29, 2024 12:28 PM | assam bye election nomination