■ অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কালি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ছিদলী, ছামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। প্রকাশিত তালিকা অনুসৰি ২০ আগষ্টলৈ ছিদলী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২ লাখ ১৬ হাজাৰ ৯৯০ গৰাকী। ইয়াৰে পুৰুষ ভোটদাতা এক লাখ ৭ হাজাৰ ৯৯৭ গৰাকী। আনহাতে মহিলা ভোটদাতাৰ সংখ্যা এক লাখ ৮৯ হাজাৰ ৮৯ গৰাকী। সমষ্টিটোত ৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটকেন্দ্র ২৭৩টা। আনহাতে ছামগুৰি সমষ্টিত এক লাখ ৮০ হাজাৰ ৬৬৯ গৰাকী ভোটদাতা আছে। ইয়াৰে পুৰুষ ভোটদাতা হৈছে ৯১ হাজাৰ ৬২৭ গৰাকী। মহিলা ভোটদাতাৰ সংখ্যা হৈছে ৮৯ হাজাৰ ৩৬ গৰাকী। সমষ্টিটোত ৬ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ইয়াৰ লগতে সমষ্টিটোত ১৯৭টা ভোটকেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে।
বঙাইগাঁও সমষ্টিত এক লাখ ৮২ হাজাৰ ৩৫৪ গৰাকী ভোটদাতা আছে। ইয়াৰে পুৰুষ ভোটদাতা হৈছে ৮৯ হাজাৰ ৫১০ গৰাকী। মহিলা ভোটদাতাৰ সংখ্যা হৈছে ৯২ হাজাৰ ৮৪২ গৰাকী। সমষ্টিটোত দুগৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ইয়াৰ লগতে সমষ্টিটোত বুথপৰ্যায়ৰ বিষয়া ২৪৬ গৰাকী আছে।
Site Admin | August 21, 2024 12:08 PM | Akashvani Guwahati | Assam | bye Election | Political