ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে নিৰ্বাচন আয়োগ সাজু

■ ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে নিৰ্বাচন আয়োগ সাজু হৈছে। উপ নির্বাচন হ’বলগীয়া ঢলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ খচৰা ভোটাৰ তালিকাও ইতিমধ্যে আয়োগে প্রকাশ কৰিছে। এই পাঁচোটা সমষ্টিৰে সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ ক্ষেত্ৰত দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা অহা ১০ আগষ্টত উকলিব। এই সমষ্টিসমূহৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি নাইবা আন সংশোধনীৰ ক্ষেত্ৰত আৱেদন পত্র অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰিব পৰা যাব যদিও প্ৰ-পত্ৰ অনলাইন মাধ্যমেৰে দাখিল কৰিব নোৱাৰিব। আনহাতে দাবী আৰু আপত্তি নিষ্পত্তিকৰণ অহা ১৯ আগষ্টৰ ভিতৰত সম্পন্ন কৰা হ’ব। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়া মতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰাজ্যত লোকসভা নির্বাচন অনুষ্ঠিত হৈছিল যদিও এই পাঁচটা সমষ্টিৰ উপ নির্বাচন পূর্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে অনুষ্ঠিত হ’ব। আয়োগৰ তথ্য অনুসৰি ইয়াৰে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৮২ হাজাৰ ৩৫৪ হোৱাৰ বিপৰীতে সমষ্টিটোত ২৪৬টা ভোট কেন্দ্ৰ আছে। একেদৰে ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৮০ হাজাৰ ৪৪৮ হোৱাৰ বিপৰীতে সমষ্টিটোত ১৯৭টা ভোটকেন্দ্র আছে। ইপিনে, ১১ নং ঢলাই সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ৯৬ হাজাৰ ৭৭২। এই সমষ্টিটোৰ মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ২০৮টা। ৭৭ নং বিহালী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৩৩ হাজাৰ ৩০০ হোৱাৰ বিপৰীতে সমষ্টিটোত মুঠ ১৫৪টা ভোটকেন্দ্র আছে। আনহাতে ৩১ নং চিদলী সমষ্টিৰ খচৰা ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ১২ হাজাৰ ৫৫৫ হোৱাৰ লগতে সমষ্টিটোত মুঠ ভোট কেন্দ্র আছে ২৭৩। উল্লেখযোগ্য যে, এই সমষ্টিসমূহৰ চূড়ান্ত ভোটাৰ তালিকা ২০ আগষ্টত প্ৰকাশ পাব।

অধিক পঢ়ক

সকলো চাওক